
ডিব্ৰুগড়, ২৮ অক্টোবৰ (হি.স.)। ডিব্ৰুগড়ত আত্ম হত্যাৰ চেষ্টা এজন যুৱকৰ। ডিব্ৰুগড়ৰ কয়লা ঘাটত ব্ৰহ্মপুত্ৰত জাপ দিব লোৱা যুৱকক চিভিল ডিফেঞ্চ, এছ ডি আৰ এফ, ডি ডি আৰ এফৰ উদ্বাৰকাৰী দ'লে জপতিয়াই ধৰি ৰক্ষা কৰিলে।
কিন্তু যুৱক জনে লগত লৈ আহিছিল বিষ,এটা বটলত লৈ অহা বিষ খাবলৈ লওঁতেই উদ্ধাৰকৰী দ'লে বটলটো মুখৰ পৰা কাঢ়িবলৈ চেষ্টা কৰে যদিও, কিছু পৰিমাণৰ বিষ যুৱকজনৰ পেতলৈ গুচি যায়।
লগে লগে যুৱক জনক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। পিয়াংশু মৰাং নামৰ ২১ বছৰীয়া যুৱক জনৰ ঘৰ তিনিচুকীয়াৰ কাকপথাৰৰ দিৰাকত বুলি চিনাক্ত কৰা হৈছে।
ইফালে যুৱকজনে কি কাৰণে এনেধৰণে চৰম পন্থা বাচি লোৱাৰ চেষ্টা কৰিছিল সেই সন্দৰ্ভত অদ্যপি জানিব পৰা হোৱা নাই আৰু আৰক্ষীয়ে এই সন্দৰ্ভত অনুসন্ধান চলায় আছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা