ৰঙিয়াৰ মৰানজানাৰ সংহট উন্নয়ন কেন্দ্ৰত গাড়ী চালকৰ মৃতদেহ উদ্ধাৰ
গুৱাহাটী, ২৮ অক্টোবৰ (হি.স.)। ৰঙিয়াৰ মৰানজানাৰ সংহট উন্নয়ন কেন্দ্ৰত নিশা চাঞ্চল্যকৰ ঘটনা । কেডি আইৰণ কোম্পানীৰ সন্মূখ ভাগত থকা নলাত উদ্ধাৰ হয় এজন গাড়ী চালক জনৰ মৃতদেহ । মৃত গাড়ী চালক জন হল ৰঙিয়া খোপনীকুছিক গাওঁৰ আইজুল হক । খৱৰ অনুসৰি গাড়ী চালক জ
ৰঙিয়াৰ মৰানজানাৰ সংহট উন্নয়ন কেন্দ্ৰত গাড়ী চালকৰ মৃতদেহ উদ্ধাৰ


গুৱাহাটী, ২৮ অক্টোবৰ (হি.স.)। ৰঙিয়াৰ মৰানজানাৰ সংহট উন্নয়ন কেন্দ্ৰত নিশা চাঞ্চল্যকৰ ঘটনা । কেডি আইৰণ কোম্পানীৰ সন্মূখ ভাগত থকা নলাত উদ্ধাৰ হয় এজন গাড়ী চালক জনৰ মৃতদেহ । মৃত গাড়ী চালক জন হল ৰঙিয়া খোপনীকুছিক গাওঁৰ আইজুল হক । খৱৰ অনুসৰি গাড়ী চালক জনে মৰানজানাৰ কেডি আইৰণ কোম্পানীত লোৰ ৰদ আনিব গৈছিল ।

ৰদ আনিব যোৱা ট্ৰাকখন কোম্পানীটোৰ সন্মূখত কাষতে ৰখাই থকা অৱস্থাত কাষৰে এটা নলাত উদ্ধাৰ হয় গাড়ী চালক অইজুলৰ হকৰ মৃতদেহ । ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপষ্ঠিত হৈ গাড়ী চালক অইজুল হকৰ মৃতদেহটো চমজি লয় আৰু মৃতদেহটো ৰঙিয়া থানালৈ লৈ আনে । ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে তদন্ত অৱ্যহত ৰাখিছে । আনহাতে পৰিয়ালৰ লোকে সমগ্ৰ ঘটনা হত্যাকাণ্ড বুলি সন্দেহ কৰিছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande