
বিজনী, ২৮ অক্টোবৰ (হি.স.)। বিজনীৰ দুলানী নৈত আজি মৃতদেহ উদ্ধাৰ। বিজনীৰ দুলানী নৈত সন্ধানহীন মদন ঘোষৰ মৃতদেহ উদ্ধাৰ
মৃতদেহটো বিজনীৰ শিৱ শংকৰ কলনীৰ মদন ঘোষ(৫৫) নামৰ এজন লোকৰ বুলি জানিব পৰা গৈছে।
কালি দুপৰীয়া দুলানী নৈত গা ধুবলৈ যোৱাৰে পৰা সন্ধানহীন হৈ আছিল নিহত লোকজন। কালি এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই বিফল হৈছিল যদিও আজি পুৱাৰে পৰা চলা উদ্ধাৰ অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় মদন ঘোষ নামৰ লোকজনৰ মৃতদেহ।
উল্লেখ্য যে মদন ঘোষ মানসিক ভাবে কিছু বিকাৰগ্ৰস্থ আছিল।দুলানী নৈত ইয়াৰ পুৰ্বেও সলিল সমাধি ঘটিছিল একাংশ লোকৰ। নৈ খনৰ তীব্ৰ সোতৰ বাবে দুৰ্ঘটনা সংঘটিত হই বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু