
কাছাড়, ২৮ অক্টোবৰ (হি.স.)। কাছাড়ত ষট পূজা পালন। কাছাড় জিলাৰ শিলচৰতো ব্যাপক উৎসাহেৰে । ষট পুজা পালন কৰা পৰিলক্ষিত হৈছে।
ষট পুজা উপলক্ষে শিলচৰৰ বিভিন্ন স্থানত পুৱতি নিশাৰ পৰাই ভিৰ কৰিছে ব্ৰত পালন কৰা ভক্ত সকলে। শিলচৰৰ ইটাখলা,অন্নপুৰ্ণ ঘাট,মধুৰাঘাট,গান্ধী ঘাট, ৰংপুৰ আদি স্থানত লোকে লোকাৰণ্য হৈ পৰিছে।
অন্নপুৰ্ণঘাট আৰু ইটাখলাঘাটত কেইবা হেজাৰ ভক্তপ্ৰাণ লোক উপস্থিত হোৱা পৰিলক্ষিত হৈছে । অন্নপুৰ্ণঘাটত প্ৰতি বছৰৰ দৰে এইবাৰো হাজাৰ হাজাৰ ভক্ত পাচ দিনীয়া ব্ৰতৰ অন্তত অৰ্ঘ লৈ উপস্থিত সূৰ্য পূজাৰ বাবে। সোমবাৰে সন্ধিয়া সূৰ্য অষ্ট যোৱালৈ বৰাক নদীৰ পানীত নামি সূৰ্য দেৱতাক
প্ৰাৰ্থনা কৰাৰ পিছত আজি সূৰ্য উদয় হোৱাৰ পূৰ্বেই ভক্ত সকল। পুনৰ অৰ্ঘ লৈ নদীৰ পানীত নামি সূৰ্য উদয়লৈ প্ৰণাম কৰি সূৰ্য দেৱতাক প্ৰাৰ্থনা কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা