

কোকৰাঝাৰ, ২৮ অক্টোবৰ (হি.স.)। ষট পূজা এটি সাংস্কৃতিক উৎসৱ ।ষট পূজা বিশেষকৈ ভাৰতৰ বিহাৰ, উত্তৰ প্ৰদেশত অধিক উদযাপন কৰা হৈছে। ভাৰতৰ সাৰুৱা সাংস্কৃতিক বৈশিষ্ঠই ইয়াক অধিক জনপ্ৰিয় কৰি তুলিছে। ইয়াৰ অবদানো অন্যতম ভাৰতৰ বিভিন্ন প্ৰান্তত এই উৎসৱ পালন কৰা দেখা যায়। সূৰ্য্য এই পূজাৰ আৰাধ্য দেৱতা সূৰ্য্য যিহেতু সূৰ্য্যৰ তাপ আৰু পোহৰ অবিহনে কোনো বীজৰ অংকুৰিত নহয় সেয়েহে সূৰ্য্যক সৰ্বশক্তিমান বুলি জ্ঞান কৰি কার্তিক মাহত এই পূজাৰ আৰম্ভণি হয় ।
এই তিথিত ভক্ত সকলে বিভিন্ন নিতি নিয়মৰ মাজেৰে পালন কৰি নিশা নৈৰ ঘাটত সূৰ্য উদয় লৈকে কুঁহিয়াৰ,ৰবাব টেঙা, মূলা শাক, বিভিন্ন মিষ্টন আদিৰে সূৰ্য্য দেৱতাক আৰাধনা কৰে। সূৰ্য্য উদয়ৰ প্ৰাক ক্ষণত নতুন বস্ত্ৰ পৰিধান কৰি সূৰ্য্যলৈ দৃষ্টি নিক্ষেপ কৰি নিজকে পানীত ডুবাই সকলোৰে অভিষ্ট সিদ্ধিৰ কামনাৰে ভক্ত সকলে প্ৰাৰ্থনা কৰে। তাৰে লগত সংগতি ৰাখি দেশৰ ভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত সূৰ্য্য দেৱতাক উপাসনা কৰাৰ উদ্দেশ্যে ষট পূজা ব্যাপক উলহ মালহেৰে উদযাপন কৰে।
ফকিৰাগ্ৰামৰ ঐতিয্যমণ্ডিত শিব মন্দিৰৰ নদীৰ পাৰত আয়োজন কৰা ষট পূজাত বিভিন্ন জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে ভক্তপ্ৰাণ ৰাইজে ষট পূজা এক বিশেষ পৰম্পৰা নীতি নিয়মেৰে পালন কৰে । উল্লেখযোগ্য যে এই ষট পূজা পূৰ্বে কেইটামান সম্প্ৰদায়ৰ লোকে পালন কৰিছিল যদিও বৰ্তমানে জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো লোকে এই পূজাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ