
শোণিতপুৰ, ২৮ অক্টোবৰ (হি.স.)। বালিপৰাত ছট পূজা উদযাপন । পৱিত্ৰ ছট পূজা উপলক্ষে নদীৰ পাৰত পুৱাৰে পৰা ভক্ত সকলৰ ভীৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰৰ বালিপৰা - চাৰিদুৱাৰতো দেখিবলৈ পোৱা গৈছে ব্যাপক উচাহ। হাৰ্টথৰ্ব জুবিন গাৰ্গৰ অবাঞ্চিত মৃত্যুৰ পাছত স্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ উৎসৱ পাৰ্ৱণৰ উচাহ একে পৰিবেশ দেখিবলৈ পোৱা গল বালিপৰা-চাৰিদুৱাৰত।
চাৰিদুৱাৰৰ মানসিৰি নদীৰ পূজাৰ ঘাটত এইবাৰ জনসমাগম অতি কম দেখিবলৈ পোৱা গল। বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এই মানসিৰি নদীৰ ঘাটত আয়োজন কৰা হয় এই পূজাৰ। পুৱতি নিশাৰ পৰাই এনেদৰে ভক্তই পানীত নামি সূৰ্য দেৱতাক আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ যে পূজাস্থলীত যুগদ্ৰষ্টা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পূজা কৰাৰ প্ৰাকক্ষণত সকলোৱে শ্রদ্ধাঞ্জলি জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা