অষ্টম দৰমহা আয়োগ গঠনত কেন্দ্ৰৰ অনুমোদন
নতুন দিল্লী, ২৮ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনত অনুমোদন জনায়। আয়োগে গঠন হোৱাৰ ১৮ মাহৰ ভিতৰত পৰামৰ্শ দাখিল কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে এই সন্দৰ্ভত এই প্ৰস্তাৱত অনুম
कैबिनेट  ब्रीफिंग (फाइल फोटो)


নতুন দিল্লী, ২৮ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনত অনুমোদন জনায়। আয়োগে গঠন হোৱাৰ ১৮ মাহৰ ভিতৰত পৰামৰ্শ দাখিল কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে এই সন্দৰ্ভত এই প্ৰস্তাৱত অনুমোদন জনায়।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ইয়াৰ ৰাষ্ট্ৰীয় মিডিয়া চেণ্টাৰত অনুষ্ঠিত এক সংবাদমেলত কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। বৈষ্ণৱে উল্লেখ কৰে যে অষ্টম দৰমহা আয়োগ অস্থায়ী সংস্থা হ’ব। আয়োগত এজন অধ্যক্ষ, এজন সদস্য (অংশকালীন), আৰু এজন সদস্য-সচিব থাকিব। তেওঁ লগতে কয় যে আয়োগ গঠনৰ ১৮ মাহৰ ভিতৰত পৰামৰ্শ দাখিল কৰিব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু অন্যান্য সুবিধাসমূহৰ পৰিৱৰ্তন পৰীক্ষা আৰু পৰামৰ্শৰ বাবে চৰকাৰে জানুৱাৰী মাহত অষ্টম দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰিছিল।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ পাৰিতোষিকৰ গাঁথনি, অৱসৰৰ সুবিধা আৰু অন্যান্য সেৱাৰ অৱস্থাৰ সৈতে জড়িত বিভিন্ন বিষয় বিবেচনা কৰিবলৈ আৰু প্ৰয়োজনীয় পৰিৱৰ্তনৰ পৰামৰ্শ দিবলৈ সময়ে সময়ে বেতন আয়োগ গঠন কৰা হয়। সাধাৰণতে বেতন আয়োগৰ পৰামৰ্শ প্ৰতি ১০ বছৰৰ মূৰে মূৰে কাৰ্যকৰী কৰা হয়। সেই অনুসৰি অহা বছৰ অষ্টম দৰমহা আয়োগৰ পৰামৰ্শৰ আশা কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande