শ্ৰীৰামপুৰত উলাহ মালহেৰে ষট্ পূজা উদযাপন
কোকৰাঝাৰ, ২৮ অক্টোবৰ (হি.স.)। প্ৰতি বছৰৰ দৰে এইবেলিও কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত উদযাপন কৰা হয় ষট্ মহাপৰ্ব। এই উপলক্ষে যোৱা দুদিন নিৰ্জলা উপবাস থাকি আজি সূৰ্যাস্তৰ ক্ষণত শ্ৰীৰামপুৰৰ হাৰাপুটা নৈ পাৰত ষট্ পূজা ঘাটত
শ্ৰীৰামপুৰত উলাহ মালহেৰে ষট্ পূজা উদযাপন


কোকৰাঝাৰ, ২৮ অক্টোবৰ (হি.স.)। প্ৰতি বছৰৰ দৰে এইবেলিও কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত উদযাপন কৰা হয় ষট্ মহাপৰ্ব। এই উপলক্ষে যোৱা দুদিন নিৰ্জলা উপবাস থাকি আজি সূৰ্যাস্তৰ ক্ষণত শ্ৰীৰামপুৰৰ হাৰাপুটা নৈ পাৰত ষট্ পূজা ঘাটত শ শ মহিলাই ধৰ্মীয় ৰীতি নীতি অনুসৰি অস্তমিত সূৰ্য দেৱতাক পূজা অৰ্চনা কৰে।

নদীৰ ঘাটত এক উৎসৱমুখৰ পৰিৱেশত পূজাৰীৰ লগতে অগণন ভক্তৰ সমাগম হয়।শ্ৰীৰামপুৰ ষট্ পূজা উদযাপন সমিতিৰ উদ্যোগত সম্পূৰ্ণ শান্তি পূৰ্ণভাৱে ষট্ মাতাৰ পূজাৰী সকলে অস্তগামী সূৰ্য্যৰ ওচৰত নিজৰ পৰিয়াল আৰু দেশৰ মংগল কামনা কৰি ষট্ মাতাৰ ওচৰত প্ৰাৰ্থনা জনাই পুনৰ ঘৰ মূৱা হৈ ওৰে নিশা নীতি নিয়ম অনুসৰি পূজা পাতল কৰি পুনৰ কালি ৰাতি পুৱা নদীৰ ঘাটত উপস্থিত হৈ সূৰ্য্যোদয় হোৱা সময়ত সূৰ্য্য দেৱতাৰ পূজা কৰি তিনিদিনীয়া ষট্ মাতাৰ পূজাৰ সমাপন ঘটোৱা হয়। পৰম্পৰাগত ভাৱে আন বছৰৰ দৰে এইবেলিও ষট্ মহাপৰ্ব উদযাপন কৰা হৈছে যদিও প্ৰাণৰ শিল্পী হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই এইবাৰ কোনো সাংস্কৃতিক কাৰ্যসূচী পালন কৰা হোৱা নাই। পূজা থলীত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় বুলি উদযাপন সমিতিৰ সভাপতি সন্দীপ শ্বাহ আৰু সম্পাদক বাবু চান্দ শ্বাহে জানিবলৈ দিয়ে।উক্ত অনুষ্ঠানত হিন্দীভাষী ৰাইজৰ উপৰিও শ্ৰীৰামপুৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিবৰ্গ উপস্থিত থাকি ষট্ পূজাৰ আনন্দ উপভোগ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande