
কামৰূপ, ২৮ অক্টোবৰ (হি.স.)। সন্মুখত শাৰদীয় ৰাস মহোৎসৱ। ৰাসলৈ মাজত মাত্ৰ কেইদিনমান হে বাকী। অন্যান্য প্ৰান্তৰ লগতে
ৰঙিয়াৰ দিপ্তেশ্বৰীতো আঞ্চলিক ৰাস মহোৎসৱক কেন্দ্ৰ কৰি ব্যাপক প্ৰস্তুতি অব্যাহত আছে। ৰঙিয়াৰ দিপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱ এই বেলি ভৰি দিছে সোণালী জয়ন্তী বৰ্ষত। আগন্তক ৰাস মহোৎসৱক কেন্দ্ৰ কৰি ব্যাপক প্ৰস্তূতি চলিছে ৰাসথলীত।
সোনালী জয়ন্তী বৰ্ষক জাক জমক কৰি তুলিবলৈ গঠন কৰা হৈছে কেইবাখনো উপ সমিতি । ভগবান শ্ৰীকৃষ্ণৰ অলৌকিক মহিমাৰ মৃণ্ময় মূৰ্তি সমূহত শেষ পৰশ দিছে শিল্পী সকলে। লগতে সোণালী জয়ন্তী বৰ্ষ উপলক্ষে প্ৰকাশ পাব অঞ্চলটোৰ তথ্য সমৃদ্ধ এখন আটকধুনীয়া বৰ্ধিত কলবেৰৰ স্মৃতিগ্ৰন্থও ।
বিভিন্ন অঞ্চলৰ পৰা অগণন ভক্ত আহিব বুলি জানিবলৈ দিছে সমিতিৰ বিষয়ববীয়া সকলে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা