যোৰহাটৰ অজন্তা চিনেমা হলৰ সমীপত পথ দুৰ্ঘটনা সংঘটিত
যোৰহাট, ২৮ অক্টোবৰ (হি.স.)। যোৰহাটৰ অজন্তা চিনেমা হলৰ সমিপত আজি পুৱাই সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দূৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। যুৱক জনে এএছ ০৩ এএইচ ৬৮১৬ নম্বৰৰ এখন পালচাৰ মটৰ চাইকেলেৰে নগৰৰ দিশে যোৱাৰ সময়তে সংঘটিত হয় পথ
যোৰহাটৰ অজন্তা চিনেমা হলৰ সমীপত পথ দুৰ্ঘটনা সংঘটিত


যোৰহাট, ২৮ অক্টোবৰ (হি.স.)। যোৰহাটৰ অজন্তা চিনেমা হলৰ সমিপত আজি পুৱাই সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দূৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। যুৱক জনে এএছ ০৩ এএইচ ৬৮১৬ নম্বৰৰ এখন পালচাৰ মটৰ চাইকেলেৰে নগৰৰ দিশে যোৱাৰ সময়তে সংঘটিত হয় পথ দুৰ্ঘটনাটো।

কোনো অচিনাক্ত বাহনে দূৰ্ঘটনা সংঘটিত কৰি পলাই যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে ঘটনা স্থলিত আৰক্ষী উপস্থিত হৈ যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে যুৱক জনে ব্যৱহাৰ কৰা মটৰ চাইকেল খন জব্দ কৰিছে।

এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে যুৱক জনৰ পৰিচয় জানিব পৰা হোৱা নাই।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande