পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত চোৰাং কাঠ সহ গাড়ী জব্দ
পশ্চিম কাৰ্বি আংলং, ২৮ অক্টোবৰ (হি.স.)। পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত চোৰাং কাঠ সহ গাড়ী জব্দ । যোৱা নিশা ডংকামোকাম আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ এটি বনকৰ্মীৰ দলে এই অভিযান চলাই। অভিযান কালত দলটোয়ে হংক্ৰামৰ পৰা মূল্যবান চেগুনৰ চোৰাং কাঠ ভৰ্তি এখ
পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত চোৰাং কাঠ সহ গাড়ী জব্দ


পশ্চিম কাৰ্বি আংলং, ২৮ অক্টোবৰ (হি.স.)। পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত চোৰাং কাঠ সহ গাড়ী জব্দ । যোৱা নিশা ডংকামোকাম আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ এটি বনকৰ্মীৰ দলে এই অভিযান চলাই।

অভিযান কালত দলটোয়ে হংক্ৰামৰ পৰা মূল্যবান চেগুনৰ চোৰাং কাঠ ভৰ্তি এখন টাটা মোবাইল জব্দ কৰিবলৈ সক্ষম হয়।

এএছ ০২ চি চি ৮৭০৪ নম্বৰৰ টাটা মোবাইল বাহনখনত থকা কাঠ খিনিৰ বজাৰ মূল্য লক্ষ্যাধিক টকাৰ হ'ব।

অভিযোগ অনুসৰি জিলাখনৰ দাঁতি-কাষৰীয়া নগাঁও জিলাৰ কচুৱা,মাধৱ পাৰা,শিঙ্গীমাৰি, পণ্ডিত ঘাট আদি অঞ্চলৰ বহুকেইটা বন মাফিয়ায়ে অতি কৌশলৰে নিতৌ সৰবৰাহ কৰে চোৰাং কাঠ ।

ইফালে বনবিভাগৰ অভিযানৰ সময়তে আন্ধাৰৰ সুযোগ লৈ গাড়ী খনৰ চালক সহ আন এজন ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। বনবিভাগে গাড়ীসহ কাঠখিনি জব্দ কৰি এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande