মাজুলীত ৰাইজে নিজা খৰছেৰে নিৰ্মাণ কৰিলে ২০০ মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলং
মাজুলী, ২৮ অক্টোবৰ (হি.স.)। মাজুলীত ৰাইজে নিজা খৰছেৰে নিৰ্মাণ কৰিলে ২০০ মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলং। মাজুলীৰ লুইত খাবলুৰ দাম্বুকিয়াল অঞ্চলবাসীয়ে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে বছৰ বছৰ ধৰি। লুইত সুতিত দলং নথকাৰ বাবেই দাম্বুকিয়াল অঞ্চলবাসীয়ে য
মাজুলীত ৰাইজে নিজা খৰছেৰে নিৰ্মাণ কৰিলে ২০০ মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলং


মাজুলী, ২৮ অক্টোবৰ (হি.স.)। মাজুলীত ৰাইজে নিজা খৰছেৰে নিৰ্মাণ কৰিলে ২০০ মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলং। মাজুলীৰ লুইত খাবলুৰ দাম্বুকিয়াল অঞ্চলবাসীয়ে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে বছৰ বছৰ ধৰি। লুইত সুতিত দলং নথকাৰ বাবেই দাম্বুকিয়াল অঞ্চলবাসীয়ে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি আহিছে। শিক্ষা, স্বাস্থ্য, বেপাৰ বাণিজ্য আদিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে।

বিভাগীয় কতৃপক্ষ তথা স্থানীয় বিধায়কক আবেদন নিবেদন কৰাৰ পাছতো কোনো সু– ব্যৱস্থা লাভ নকৰিলে। সেয়ে উপায়ন্তৰ হৈ দাম্বুকিয়াল অঞ্চলৰ ১০ খন গাঁৱৰ ৰাইজে একেলগ হৈ ২০০মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়তৰ ব্যৱস্থা কৰিছে। বাঁহৰ দলঙখন নিৰ্মাণ সম্পূৰ্ণ হোৱাত আনুষ্ঠানিক ভাৱে কল পুলি ৰুই শুভ উদ্বোধন কৰে ৰাইজে। বাঁহৰ দলং খনে সাময়িক ভাবে এবছৰ পৰ্যন্ত যাতায়তৰ ক্ষেত্ৰত গাওবাসী ভোগ কৰি অহা অভাৱ পুৰণ কৰিব বুলি আশা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande