ৰাইজলৈ আগবঢ়োৱা সেৱাৰ বাবে প্ৰথমবাৰৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ড ত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ এজন যুৱকে
শোণিতপুৰ, ২৭ অক্টোবৰ (হি.স.)। ৰাইজলৈ আগবঢ়োৱা বিভিন্ন সেৱাৰ বাবে ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ড ত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ এজন যুৱকে৷ ১৫ বছৰ বয়সৰ পৰা ২২ বছৰ বয়সৰ ভিতৰৰ যুৱ প্ৰজন্মৰ ভিতৰত তেজপুৰৰ অংশুমান বৰা না
ৰাইজলৈ আগবঢ়োৱা সেৱাৰ বাবে প্ৰথমবাৰৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ড ত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ এজন যুৱকে


শোণিতপুৰ, ২৭ অক্টোবৰ (হি.স.)। ৰাইজলৈ আগবঢ়োৱা বিভিন্ন সেৱাৰ বাবে ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ড ত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ এজন যুৱকে৷ ১৫ বছৰ বয়সৰ পৰা ২২ বছৰ বয়সৰ ভিতৰৰ যুৱ প্ৰজন্মৰ ভিতৰত তেজপুৰৰ অংশুমান বৰা নামৰ যুৱক জনে লাভ কৰিছে এই স্বীকৃতি৷

বিশেষ ভাৱে বিভিন্ন সময়ত দৰিদ্ৰ ছাত্ৰ–ছাত্ৰীক পঢ়াৰ সুবিধা প্ৰদান, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তত দুৰ্গত সকলক সহায়ৰ হাত আগবঢ়োৱা অংশুমানক বিভিন্ন ক্ষেত্ৰত উপদেশ আৰু সহায় আগবঢ়োৱা সমাজকৰ্মী ঋষিৰাজ কৌড়িন্যই তেওক আজি এই প্ৰাপ্তিৰ বাবে শুভেচ্ছা জনায়৷ ঋষিয়েও নিজাববীয়াকৈ কালি ২০ গৰাকী চাহ জনজাতিৰ ছাত্ৰ–ছাত্ৰীৰ সম্পূৰ্ণ পঢ়াৰ খৰচ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande