
গোলাঘাট, ২৭ অক্টোবৰ (হি.স.)। গোলাঘাটৰ দেৰগাঁৱৰ আমগুৰিত আজি পুৱাই সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বিদুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হৈছে এগৰাকী মহিলাৰl
মহিলা গৰাকীৰ নাম ৰুবি পেগু বুলি জানিব পৰা গৈছে l দেৰগাঁও বিদুৎ বিভাগৰ তীব্ৰ গাফিলতীৰ বাবে এই ঘটনা সংগঠিত হ'ল বুলি স্থানীয় লোকে অভিযোগ কৰিছে l মহিলা গৰাকীৰ আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোঁকৰ ছাঁ পৰিছে। মহিলাগৰাকীক ততাতৈয়াকৈ হস্পাতাললৈ নিয়াৰ ব্যৱস্থা কৰা হয় যদিও তেতিয়ালৈ মহিলাগৰাকীৰ মৃত্যু হয়। এই ঘটনাৰ পিছত অঞ্চলবাসী ৰাইজে বিদ্যুত বিভাগক তীব্ৰ ধিক্কাৰ দিয়ে। নিম্ন উচ্চতাত থকা বিদ্যুতপৰিবাহী তাৰত লাগি মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। সেয়েহে ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নঘটে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিদ্যুত বিভাগক দাবী জনায় স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু