উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনৰ ২৮-৩০ অক্টোবৰলৈ তামিলনাডু ভ্ৰমণ
নতুন দিল্লী, ২৭ অক্টোবৰ (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে ২৮-৩০ অক্টোবৰত তামিলনাডু ভ্ৰমণ কৰিব । কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে এই ভ্ৰমণৰ সময়ত তেওঁ কয়ম্বাটুৰ, তিৰুপপুৰ, মাদুৰাই আৰু ৰামনাথপুৰমত বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। চৰ
सीपी राधाकृष्णन


নতুন দিল্লী, ২৭ অক্টোবৰ (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে ২৮-৩০ অক্টোবৰত তামিলনাডু ভ্ৰমণ কৰিব । কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে এই ভ্ৰমণৰ সময়ত তেওঁ কয়ম্বাটুৰ, তিৰুপপুৰ, মাদুৰাই আৰু ৰামনাথপুৰমত বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

চৰকাৰী বিবৃতি অনুসৰি, ২৬-২৭ অক্টোবৰলৈ ছিচেলছ ৰিপাব্লিকলৈ আনুষ্ঠানিক ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ছিচেলছ ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি ড০ পেট্ৰিক হাৰ্মিনীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ২৮ অক্টোবৰত কইম্বাটুৰত উপস্থিত হ’ব উপ-ৰাষ্ট্ৰপতিগৰাকী।কইম্বাটুৰ বিমানবন্দৰত উপ-ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনোৱা হ’ব। কইম্বাটুৰ নাগৰিক মঞ্চত কইম্বাটুৰ জিলা ক্ষুদ্ৰ উদ্যোগ সন্থাত উপ-সভাপতিগৰাকীক সম্বৰ্ধনা জনোৱা হ’ব।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে টাউন হল কৰ্পৰেশ্যন ভৱনত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰৱৰ্তী সময়ত কইম্বাটুৰৰ পেৰুৰ মঠত শান্তলিংগ ৰামছামি আদিগালাৰৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সন্ধিয়া তিৰুপপুৰত উপস্থিত হৈ মহাত্মা গান্ধী আৰু তিৰুপপুৰ কুমাৰনৰ প্ৰতিমূৰ্তিলৈ ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

ইফালে ২৯ অক্টোবৰত উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে তিৰুপপুৰত এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে সন্ধিয়া মাদুৰাইৰ মীনাক্ষী আম্মান মন্দিৰত প্ৰাৰ্থনা কৰিব। অহা ৩০ অক্টোবৰত ৰামনাথপুৰম জিলাৰ পাছুম্পনত অনুষ্ঠিত হ’বলগীয়া পাছুমপন মুথুৰামলিংগ থেৱৰ জয়ন্তী উদযাপনত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande