
মস্কো, ২৭ অক্টোবৰ (হি.স.)। ৰাছিয়াই দাবী কৰিছে যে সোমবাৰে মস্কোক লক্ষ্য কৰি ইউক্ৰেইনৰ ড্ৰ’নে চলোৱা আক্ৰমণক তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই বিফল কৰিছে। লগতে প্ৰায় ১৬০ খন ড্ৰ’ন ধ্বংস কৰি পেলাইছে। অৱশ্যে এই ঘটনাত কমেও এজন লোক নিহত হোৱাৰ লগতে ৫জন লোক আহত হয়।
ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিষয়াসকলে এই তথ্য প্ৰদান কৰে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সন্দৰ্ভত তেওঁলোকে কয় যে ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই মস্কো অভিমুখে যোৱা ৩৪খন ইউক্ৰেইনৰ ড্ৰ’ন আৰু দক্ষিণ-পশ্চিম সীমান্তৰ ব্ৰাইয়ানস্ক অঞ্চলত আক্ৰমণ কৰা ৪৭খন ড্ৰ’নকে ধৰি মুঠ ১৯৩খন ইউক্ৰেইনৰ ড্ৰ’ন নিক্ষেপ কৰে।
ইফালে আঞ্চলিক গৱৰ্ণৰ আলেকজেণ্ডাৰ বগোমাজে টেলিগ্ৰাম মেছেজিং এপত কয় যে ইউক্ৰেইনৰ ড্ৰ’নে অঞ্চলটোৰ এখন মিনিবাছক লক্ষ্য কৰি লৈ চালকজনৰ মৃত্যু হোৱাৰ লগতে পাঁচজন যাত্ৰী আহত হয়। অৱশ্যে বিষয়াসকলে স্পষ্ট কৰি দিয়ে যে এই আক্ৰমণৰ বাবে মস্কোত বৃহৎ ক্ষতিৰ কোনো খবৰ পোৱা নাই।
ইফালে ৰাছিয়াৰ বিমান নিয়ন্ত্ৰক ৰোজাভিয়াচিয়াই কয় যে মস্কোৰ চাৰিটা বিমানবন্দৰৰ ভিতৰত ড’মোডেড’ভ’ বিমানবন্দৰ আৰু সৰু জুকোভস্কি বিমানবন্দৰ নিৰাপত্তাজনিত কাৰণত সাময়িকভাৱে বন্ধ কৰা হৈছে।
এই আক্ৰমণ সন্দৰ্ভত ইউক্ৰেইনৰ পৰা কোনো মন্তব্য কৰা হোৱা নাই। ইউক্ৰেইনে পূৰ্বে উল্লেখ কৰিছিল যে তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য আছিল ৰাছিয়াৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি ধ্বংস কৰা। দুয়োপক্ষই সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটো অস্বীকাৰ কৰে যদিও এই সংঘাতৰ ফলত হাজাৰ হাজাৰ নাগৰিকৰ মৃত্যু হৈছে, ইয়াৰে অধিকাংশই ইউক্ৰেইনৰ।
মন কৰিবলগীয়া যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ আটাইতকৈ মাৰাত্মক বুলি গণ্য কৰা এই যুদ্ধ এতিয়া প্ৰায় চাৰি বছৰ আগতেই আৰম্ভ হৈছে। এই সময়ছোৱাত ৰাছিয়াই ইউক্ৰেইনৰ বিদ্যুৎ কেন্দ্ৰসমূহ ধ্বংস কৰাৰ চেষ্টা চলাই আহিছে, আনহাতে ইউক্ৰেইনে বিশ্বৰ দ্বিতীয় বৃহত্তম তেল ৰপ্তানিকাৰক দেশখনৰ তেল শোধনাগাৰসমূহ অক্ষম কৰাৰ চেষ্টা চলাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া