মালয়েছিয়াৰ পৰা জাপানলৈ ৰাওনা আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প
কুৱালালামপুৰ (মালয়েছিয়া), ২৭ অক্টোবৰ (হি.স.): আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মালয়েছিয়া ভ্ৰমণ সম্পূৰ্ণ কৰি তেওঁৰ পৰৱৰ্তী অৱস্থান জাপানলৈ ৰাওনা হৈছে। কিছু ঘণ্টা পূৰ্বে তেওঁ নিজৰ ছ’চিয়েল নেটৱৰ্কত এই তথ্য শ্বেয়াৰ কৰিছিল। তেওঁ লিখিছে, এইমা
अमेरिकी राष्ट्रपति डोनाल्ड ट्रंप सोमवार को अपने एयर फोर्स वन विमान से कुआलालंपुर अंतरराष्ट्रीय हवाई अड्डे से जापान के लिए रवाना हुए। फोटो - द स्टार मलेशिया


কুৱালালামপুৰ (মালয়েছিয়া), ২৭ অক্টোবৰ (হি.স.): আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মালয়েছিয়া ভ্ৰমণ সম্পূৰ্ণ কৰি তেওঁৰ পৰৱৰ্তী অৱস্থান জাপানলৈ ৰাওনা হৈছে। কিছু ঘণ্টা পূৰ্বে তেওঁ নিজৰ ছ’চিয়েল নেটৱৰ্কত এই তথ্য শ্বেয়াৰ কৰিছিল।

তেওঁ লিখিছে, এইমাত্ৰ মালয়েছিয়া এৰিলোঁ। মালয়েছিয়া এখন মহান আৰু জীৱন্ত দেশ। বৃহৎ বাণিজ্য আৰু দুৰ্লভ খনিজ সামগ্ৰীৰ চুক্তিত স্বাক্ষৰ কৰিলোঁ। কালি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শান্তি চুক্তি স্বাক্ষৰ কৰা। আৰু যুদ্ধ নহয়। লাখ লাখ লোকৰ জীৱন ৰক্ষা পৰিল। এই সকলোবোৰ সম্পন্ন কৰাটো এটা ডাঙৰ সন্মান। এতিয়া, জাপানলৈ যাত্ৰা।

মালয়েছিয়াৰ কাকত দ্য ষ্টাৰত প্ৰকাশিত এক বাতৰি অনুসৰি, সোমবাৰে পুৱা ১০:০৬ বজাত (স্থানীয় সময় অনুসৰি) কুৱালালামপুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা নিজৰ এয়াৰ ফৰ্চ ৱান বিমানেৰে জাপানলৈ ৰাওনা হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। দুদিনীয়া ভ্ৰমণৰ সময়ত ৪৭ সংখ্যক আছিয়ান সন্মিলনত অংশগ্ৰহণ কৰে ট্ৰাম্পে। ভ্ৰমণৰ সামৰণিত তেওঁ মালয়েছিয়াক “এখন মহান আৰু অতি জীৱন্ত দেশ” বুলি অভিহিত কৰে।

জাপানৰ পৰা ট্ৰাম্পে দক্ষিণ কোৰিয়ালৈও যাত্ৰা কৰিব, য’ত তেওঁ এপেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। বৃহস্পতিবাৰে দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনৰ আঁৰত বৈঠকত মিলিত হ’ব ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং। সকলোৰে দৃষ্টি এই বহু প্ৰত্যাশিত বৈঠকৰ ওপৰত থাকিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande