দুৰ্নীতিৰ লগত জড়িত থকাৰ অভিযোগত চীনৰ শীৰ্ষ দলীয় নেতাক বহিষ্কাৰ
বেইজিং, ২৭ অক্টোবৰ (হি.স.)। চীনৰ কমিউনিষ্ট পাৰ্টিৰ দুৰ্নীতি দমনৰ অংশ হিচাপে দলৰ এজন শীৰ্ষ বিষয়াক চিপিচিৰ পৰা বহিষ্কাৰ কৰাৰ লগতে সকলো ৰাজহুৱা পদৰ পৰা অপসাৰণ কৰা হৈছে। ছিনহুয়া নিউজ এজেন্সীৰ মতে, হুবেই প্ৰদেশৰ প্ৰাক্তন দলীয় সম্পাদক জিয়াং চাওলিয়া
हुबेई प्रांत के पूर्व पार्टी सचिव जियांग चाओलियांग


বেইজিং, ২৭ অক্টোবৰ (হি.স.)। চীনৰ কমিউনিষ্ট পাৰ্টিৰ দুৰ্নীতি দমনৰ অংশ হিচাপে দলৰ এজন শীৰ্ষ বিষয়াক চিপিচিৰ পৰা বহিষ্কাৰ কৰাৰ লগতে সকলো ৰাজহুৱা পদৰ পৰা অপসাৰণ কৰা হৈছে।

ছিনহুয়া নিউজ এজেন্সীৰ মতে, হুবেই প্ৰদেশৰ প্ৰাক্তন দলীয় সম্পাদক জিয়াং চাওলিয়াঙক ক্ষমতাৰ বিনিময়ত বিস্তৃত চুক্তি আৰু পৰিয়ালভিত্তিক দুৰ্নীতিৰ সৈতে জড়িত হোৱাৰ বাবে আৰু দলীয় অনুশাসন আৰু আইনৰ গুৰুতৰ উলংঘাৰ বাবে চিপিচিৰ পৰা বহিষ্কাৰ কৰি সকলো ৰাজহুৱা পদৰ পৰা আঁতৰাই দিয়া হৈছে।

সংস্থাটোৰ মতে, চতুৰ্দশ ৰাষ্ট্ৰীয় জনগণ কংগ্ৰেছৰ স্থায়ী সমিতিৰ প্ৰাক্তন সদস্য তথা এন পি চিৰ কৃষি আৰু গ্ৰাম্য পৰিক্ৰমা সমিতিৰ উপাধ্যক্ষ জিয়াঙৰ বিৰুদ্ধে ফেব্ৰুৱাৰী মাহৰ পৰা দলীয় অনুশাসন আৰু আইনৰ গুৰুতৰ উলংঘাৰ সন্দেহত তদন্ত চলি আছে।

ইফালে চিপিচিৰ কেন্দ্ৰীয় সমিতিৰ তদন্তত জিয়াঙে নিজৰ আদৰ্শ আৰু বিশ্বাসযোগ্যতা হেৰুৱাই পেলোৱা বুলি জানিব পৰা গৈছে। তেওঁ ভোজ-ভাত আৰু ভ্ৰমণৰ ব্যৱস্থা গ্ৰহণ কৰি কেন্দ্ৰীয় দলৰ আঠ দফীয়া নিয়ম উলংঘা কৰিছিল, যাৰ ফলত তেওঁৰ কৰ্তব্যৰ নিৰপেক্ষ নিষ্পত্তিত প্ৰভাৱ পৰিছিল। চিপিচি কেন্দ্ৰীয় অনুশাসন পৰিদৰ্শন আয়োগৰ স্থায়ী সমিতিৰ ৱেবছাইটত প্ৰকাশিত এক বিবৃতি অনুসৰি জিয়াঙে কৰ্মী বাছনি আৰু নিযুক্তিৰ ক্ষেত্ৰত আনক উপকৃত কৰাৰ চেষ্টা কৰি আৰু বিনিময়ত ধন আৰু উপহাৰ গ্ৰহণ কৰি সাংগঠনিক নীতিও উলংঘা কৰিছে।

সংস্থাটোৰ মতে, তেওঁৰ অবৈধ উপাৰ্জন জব্দ কৰা হৈছে। তেওঁৰ সন্দেহযুক্ত অপৰাধমূলক গোচৰৰ লগতে আনুষংগিক সম্পত্তিও অধিক তদন্তৰ বাবে বিচাৰ বিভাগক গতাই দিয়া হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande