জৰুৰীসেৱা ১০৮ এম্বুলেন্স সেৱাক কেন্দ্ৰ কৰি পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত পৰিস্থিতি
পশ্চিম কাৰ্বি আংলংৰ খেৰনিত উত্তপ্ত পৰিস্থিতি ।
জৰুৰীসেৱা ১০৮ এম্বুলেন্স সেৱাক কেন্দ্ৰ কৰি পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত পৰিস্থিতি


পশ্চিম কাৰ্বি আংলং, ২৭ অক্টোবৰ (হি.স.): পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত যোৱা কালি দেওবাৰে সন্ধিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জৰুৰী কালিন ১০৮ এম্বুলেন্স সেৱাক কেন্দ্ৰ কৰিয়েই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰামতে, পথ দুর্ঘটনাত গুৰুতৰভাৱে আহত হোৱা অট চালক সন্থাৰ সভাপতি ৰিজু ইংতিক নিবলৈ এম্বুলেঞ্চ নথকাত খেৰণি আদৰ্শ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখ্য যে পথ দুর্ঘটনাত গুৰুতৰভাৱে আহত হোৱা অট চালক সন্থাৰ সভাপতি ৰিজু ইংতিক খেৰণি চিকিৎসালয়ে উন্নত চিকিৎসাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে। পিছে প্রায় দুই ঘণ্টা লৈকে ১০৮ ৰ এম্বুলেঞ্চ উপস্থিত নোহোৱাত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি। উল্লেখ্য যে বাৰে বাৰে ১০৮ এম্বুলেন্স সেৱাক ফোন কৰাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নাপালে আহত ৰিজু ইংতিয়ে। অৱশেষত আহত ৰিজু ইংতিক পৰিয়ালৰ লোকসকলে ব্যক্তিগত বাহনেৰে নিব লগাত পৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande