
তামুলপুৰ, ২৭ অক্টোবৰ (হি.স.)। তামুলপুৰত নিযুত মইনা আঁচনিৰ চেক বিতৰণ।
আজি গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা ২-০ প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে একে দিনাই তামুলপুৰ বিধানসভা সমষ্টিতো এই নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰা হয়। তামুলপুৰৰ কেবাখনো শিক্ষানুষ্ঠানত এই আঁচনিৰ চেক বিতৰণ কৰা হয়। তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ পেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত বিটিচিৰ দৰংগাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিৎ গৗৰা নাৰ্জাৰীৰ উপস্থিতিত ১৬৯ গৰাকী ছাত্ৰীক নিযুত মাইনা আঁচনিৰ চেক প্ৰদান কৰাৰ সমান্তৰালভাৱে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন বিধায়ক ইমানুৱেল মছাহাৰী আৰু তামুলপুৰ কলেজত বিধায়ক জলেন দৈমাৰীয়ে কেইবাগৰাকীও ছাত্ৰীৰ মাজত নিযুত মইনা আঁচনিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু