টিভিকে নেতা বিজয়ৰ কাৰুৰ দুৰ্ঘটনাগ্ৰস্ত পৰিয়ালক সাক্ষাৎ, সকলো ধৰণৰ সহায়ৰ আশ্বাস
চেন্নাই, ২৭ অক্টোবৰ (হি.স.)। অভিনেতাৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা বিজয়ে সোমবাৰে কাৰুৰ থেলা হেঁচাৰ ঘটনাত নিহতসকলৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰি গভীৰ শোক প্ৰকাশ কৰে। চেন্নাইৰ সমীপৰ মামল্লাপুৰমৰ এখন ব্যক্তিগত হোটেলত অনুষ্ঠিত এই বৈঠকত ৩৭টা পৰিয়ালৰ ২০০ৰো
हर परिवार के प्रति व्यक्तिगत संवेदना!


हर परिवार के प्रति व्यक्तिगत संवेदना!


চেন্নাই, ২৭ অক্টোবৰ (হি.স.)। অভিনেতাৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা বিজয়ে সোমবাৰে কাৰুৰ থেলা হেঁচাৰ ঘটনাত নিহতসকলৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰি গভীৰ শোক প্ৰকাশ কৰে। চেন্নাইৰ সমীপৰ মামল্লাপুৰমৰ এখন ব্যক্তিগত হোটেলত অনুষ্ঠিত এই বৈঠকত ৩৭টা পৰিয়ালৰ ২০০ৰো অধিক সদস্যই অংশগ্ৰহণ কৰে।

তামিলাগা ভেট্টি কাঝাগম (টিভিকে)ৰ প্ৰতিষ্ঠাপক তথা অভিনেতা বিজয়ে মমল্লাপুৰমৰ এখন ব্যক্তিগত হোটেলত কৰূৰ থেলা হেঁচাৰ ভূক্তভোগী পৰিয়ালৰ সৈতে সাক্ষাৎ কৰে। কাৰুৰ থেলা হেঁচাত নিহত ৩৭ জন লোকৰ ভিতৰত ২৩৫ টা পৰিয়ালৰ সৈতে সাক্ষাৎ কৰি বিজয়ে তেওঁলোকৰ কথা শুনিছিল। বিজয়ে হোটেলখনৰ প্ৰতিটো কোঠালৈ গৈ ইতিমধ্যে তাত উপস্থিত থকা পৰিয়ালৰ লোকক লগ ধৰে। মৃতকৰ ফটোত মাল্যাৰ্পণ কৰাৰ পিছত বিজয়ে পৰিয়ালকেইটাৰ সৈতে সাক্ষাৎ কৰি কথা পাতি সান্ত্বনা দিয়ে। বৈঠকৰ সময়ত বিজয়ে পৰিয়ালসমূহক আশ্বাস দিয়ে যে চিকিৎসা আৰু শিক্ষাৰ খৰচকে ধৰি সকলো খৰচ তেওঁ বহন কৰিব।

মমল্লাপুৰমৰ হোটেলখনত টিভিকে নিহতসকলৰ পৰিয়ালৰ বাবে ৫০টা কোঠা বুকিং কৰিছিল। লগতে টিভিকে অম্নিবাছত কাৰুৰৰ পৰা নিহতসকলৰ পৰিয়ালক লৈ যোৱাৰ ব্যৱস্থা কৰে। বিমানেৰে চেন্নাইত উপস্থিত হয় নিহত ৮ জনৰ পৰিয়াল।

ইফালে কাৰুৰ থেলা হেঁচাত মৃত্যু হোৱা মোহনৰ পিতৃ কন্দছামীয়ে অকলে মমল্লাপুৰমত উপস্থিত হয় আৰু তাতে তেওঁক হোটেলত প্ৰৱেশৰ পৰা বঞ্চিত কৰা হয়। দুৱাৰমুখত কিছু সময় ৰৈ থকাৰ পিছত তেওঁ লগত লৈ অহা পুত্ৰৰ মৃত্যুৰ প্ৰমাণ পত্ৰখন দেখুৱাই তাৰ পিছত সোমাবলৈ দিয়া হ’ল।

দৰাচলতে ২৭ ছেপ্টেম্বৰত কাৰুৰত টিভিকেৰ ৰাজনৈতিক সমাৱেশত ৪১ জন লোকৰ মৃত্যু হোৱাৰ ঠিক এমাহৰ পিছতে বিজয়ে ভুক্তভোগীৰ পৰিয়ালৰ সৈতে সাক্ষাৎকাৰ কৰে।

টিভিকে দাবী কৰিছে যে এই নতুন ব্যৱস্থা কৰা হৈছে কাৰণ বিজয়ে কৰ্তৃপক্ষৰ পৰা কৰ্তৃপক্ষৰ পৰা কাৰুৰত ক্ষতিগ্ৰস্ত লোকসকলক লগ কৰিবলৈ অনুমতি লাভ কৰা নাছিল। টিভিকে লগতে কয় যে বিজয়ে প্ৰথমে কাৰুৰ ভ্ৰমণৰ পৰিকল্পনা কৰিছিল, কিন্তু নিৰাপত্তাজনিত কাৰণত স্থান সলনি কৰিবলগীয়া হৈছিল।

টিভিকে কয় যে এই বৈঠক কোনো আনুষ্ঠানিক অনুষ্ঠানৰ অংশ নহয়, বৰঞ্চ বিজয়ে তেওঁৰ সমৰ্থক আৰু তেওঁলোকৰ পৰিয়ালৰ দুখৰ অংশীদাৰ হোৱাৰ ব্যক্তিগত ইচ্ছাহে। দীপাৱলীৰ পূৰ্বে মৃতকৰ পৰিয়াললৈ টিভিকে ২০ লাখ টকাৰ আৰ্থিক সাহায্যও আগবঢ়ায়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande