
নতুন দিল্লী, ২৭ অক্টোবৰ (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত আজিৰ আৰম্ভণিৰ ব্যৱসায়ত উৰ্ধগামী ধাৰা দেখা গৈছে। সামান্য বৃদ্ধিৰে ব্যৱসায় আৰম্ভ হৈছিল। বজাৰ মুকলি হোৱাৰ পিছত ক্ৰয় সমৰ্থনৰ পিঠিত চেন্সেক্স আৰু নিফটি দুয়োটা সূচকাংকই গতি লাভ কৰে। প্ৰথম ঘণ্টাৰ ব্যৱসায়ৰ পিছত চেন্সেক্সৰ ব্যৱসায় ০.৬৮ শতাংশ আৰু নিফটিৰ ব্যৱসায় ০.৬৫ শতাংশ লাভৰ সৈতে হৈছিল।
প্ৰথম ঘণ্টাৰ ব্যৱসায়ৰ পিছত তালিকাভুক্ত প্ৰধান কোম্পানীসমূহৰ ভিতৰত এছ বি আই লাইফ ইনশ্বুৰেন্স, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, ভাৰতী এয়াৰটেল, টাটা ষ্টীল আৰু টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেড (টি এম পি ভি)ৰ শ্বেয়াৰত ৩.২০ শতাংশৰ পৰা ১.৩৪ শতাংশলৈকে বৃদ্ধিৰ সৈতে ব্যৱসায় চলিছিল। আনহাতে, ইনফ’ছিছ, কোটক মহিন্দ্ৰা, ভাৰত ইলেক্ট্ৰনিকছ, বাজাজ ফাইনেন্স, আৰু অ’এনজিচিৰ শ্বেয়াৰৰ লোকচান ০.৯২ শতাংশৰ পৰা ০.৭৩ শতাংশলৈকে হৈছিল।
বৰ্তমানলৈকে শ্বেয়াৰ বজাৰত ২,৬২৬ টা শ্বেয়াৰ সক্ৰিয়ভাৱে ব্যৱসায় হৈ আছিল। ইয়াৰে ১৬৭২টা ষ্টকে সেউজীয়া ৰঙত ব্যৱসায় কৰি লাভৰ সূচনা কৰাৰ বিপৰীতে ৯৫৪টা ষ্টকে ৰঙা ৰঙৰ ব্যৱসায় কৰি লোকচান লাভ কৰিছিল। একেদৰে চেন্সেক্সৰ ৩০টা ষ্টকৰ ভিতৰত ২২টা ক্ৰয় সমৰ্থনৰ সৈতে সেউজীয়া অৱস্থাত থাকিল। ইফালে বিক্ৰীৰ হেঁচাত ৰঙা ৰঙেৰে ব্যৱসায় কৰি আছিল ৮টা ষ্টক। নিফটিৰ ৫০টা ষ্টকৰ ভিতৰত ৩৬টা ষ্টক সেউজীয়া আৰু ১৪টা ৰঙা ৰঙত ব্যৱসায় কৰা হৈছিল।
আজি বিএছই চেন্সেক্সৰ ৮৫.৫১ পইণ্ট বৃদ্ধিৰে ৮৪,২৯৭.৩৯ পইণ্টত মুকলি হয়। ব্যৱসায় আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতে ক্ৰেতাসকলে ক্ৰয়ৰ হেঁচা আৰম্ভ কৰে, যাৰ ফলত সূচকাংকত তীব্ৰ উত্থান ঘটিছিল। মাজে মাজে সামান্য লাভ লোৱাৰ পিছতো সূচকাংকটো অধিক ওপৰলৈ গৈ থাকিল। বজাৰত ধাৰাবাহিক ক্ৰয়-বিক্ৰয়ৰ মাজত প্ৰথম ঘণ্টাৰ ব্যৱসায়ৰ পিছত পুৱা ১০:১৫ বজাত চেন্সেক্সৰ মূল্য ৫৭০.০৬ পইণ্ট বৃদ্ধি পাই ৮৪,৭৮১.৯৪ পইণ্টত ব্যৱসায় হৈছিল।
চেন্সেক্সৰ দৰেই আজি এন এছ ই নিফটিয়েও ৪৮.০৫ পইণ্ট জঁপিয়াই ২৫,৮৪৩.২০ পইণ্টলৈ ব্যৱসায় আৰম্ভ কৰে। বজাৰখন মুকলি হোৱাৰ কিছু সময়ৰ পাছতে ক্ৰেতাসকলে ক্ৰয়ৰ ধুমুহা আৰম্ভ কৰে, যাৰ ফলত সূচকাংকৰ গতিবিধিৰ উত্থান ঘটিল। বজাৰত অবিৰত ক্ৰয়-বিক্ৰয়ৰ মাজতে প্ৰথম ঘণ্টাৰ ব্যৱসায়ৰ অন্তত পুৱা ১০:১৫ বজাত ১৬৮.৪০ পইণ্ট বৃদ্ধি পাই ২৫,৯৬৩.৫৫ পইণ্টত ব্যৱসায় হৈছিল।
ইয়াৰ পূৰ্বে যোৱা সপ্তাহৰ শেষৰটো ব্যৱসায়িক দিন শুকুৰবাৰে চেন্সেক্সৰ মূল্য ৮৪,২১১.৮৮ পইণ্টত বন্ধ হৈছিল, যিটো ৩৪৪.৫২ পইণ্ট বা ০.৪১ শতাংশ হ্ৰাস পাইছিল। আনহাতে শুকুৰবাৰে নিফটিয়ে ৯৬.২৫ পইণ্ট বা ০.৩৭ শতাংশ হ্ৰাস পাই ২৫,৭৯৫.১৫ত ব্যৱসায়ৰ অন্ত পেলায়।
हिन्दुस्थान समाचार / Manoj Kumar Saikia