দেশৰ অলংকাৰ বজাৰৰ সামান্য অৱনমন, হ্ৰাস পালে সোণ-ৰূপৰ মূল্য
নতুন দিল্লী, ২৭ অক্টোবৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত সামান্য অৱনতি ঘটিছে। ফলস্বৰূপে সমগ্ৰ দেশৰ বেছিভাগ অলংকাৰ বজাৰতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,৬১০ টকাৰ পৰা ১,২৫,৭৬০ টকাৰ ভিতৰত ব্যৱসায় হৈ আছে। একেদৰে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত
सर्राफा बाजार में सोना और चांदी की कीमत में मामूली गिरावट


নতুন দিল্লী, ২৭ অক্টোবৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত সামান্য অৱনতি ঘটিছে। ফলস্বৰূপে সমগ্ৰ দেশৰ বেছিভাগ অলংকাৰ বজাৰতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,৬১০ টকাৰ পৰা ১,২৫,৭৬০ টকাৰ ভিতৰত ব্যৱসায় হৈ আছে। একেদৰে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ১,১৫,১৪০ টকাৰ পৰা ১,১৫,২৯০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ৰূপৰ দামও সামান্য হ্ৰাস পাইছে, যাৰ ফলত আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত এই চিকচিকিয়া ধাতুটো ১,৫৪,৯০০ ₹লৈ ঠেলি দিয়া হৈছে।

দিল্লীত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,৭৬০ ₹ , আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৫,২৯০ ₹ । দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,২৫,৬১০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰাম ১,১৫,১৪০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,৬৬০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৫,১৯০ টকা । এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৫,৬১০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ ১,১৫,১৪০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,৬১০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণৰ মূল্য ১,১৫,১৪০ টকা।

লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ ১০ গ্ৰামত ১,২৫,৭৬০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ দৰ ১,১৫,২৯০ টকা । পাটনাত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,২৫,৬৬০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৫,১৯০ টকা। জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৫,৭৬০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ দৰ ১,১৫,২৯০ টকা।

দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য সামান্য হ্ৰাস পাইছে। ৰাজ্যৰ তিনিখন ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,৬১০ ₹। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,১৫,১৪০ ₹ ত বিক্ৰী হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande