
লখিমপুৰ, ২৭ অক্টোবৰ (হি.স.)। লখিমপুৰ আধালত চৌহদত আজি এক চৰম অৰাজক ঘটনা সংঘটিত হয়। লখিমপুৰৰ আদালত চৌহদতে জেষ্ঠ অধিবক্তাক প্ৰহাৰ কৰে এজন আচামীৰ আত্মীয়ৰ। জনৈক আলি উপাধিৰ লোকজনে লখিমপুৰ আদালত চৌহদতে প্ৰহাৰ কৰে অধিবক্তা জনক ।
অপহৰণৰ এক গোচৰত কাৰাবন্দী হৈ থকা লোকজনৰ এজন আত্মীয়ক জামিন দিয়াব নোৱৰাৰ বাবেই এই ঘটনা সংঘটিত কৰে আলি উপাধিৰ লোকজনে। জামিন দিব নোৱৰাৰ অভিযোগৰ কাৰণ জানিব পৰা হোৱা নাই। এই ঘটনাৰ পিছত আদালত চৌহদত এক হুৱা দুৱা পৰিৱেশৰ সৃষ্টি হয়। সেই সময়ত আদালত চৌহদত ব্যস্ততা বৃদ্ধি হৈছিল। তাত আৰক্ষী তথা নিৰাপত্তাৰক্ষী নিয়োজিত আছিল যদিও ইয়াৰ মাজতে এই ঘটনা সংঘটিত হোৱাৰ পিছত চকু কপালত উঠে সচেতন মহলৰ। এই ঘটনাৰ পিছত ততাতৈয়াকৈ আৰক্ষীয়ে আলিক আটক কৰে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু