
ধুবুৰী, ২৭ অক্টোবৰ (হি.স.): অসম বংগ সীমান্তত পুনৰ সক্ৰিয় হৈ উঠিছে ধপাঁতৰ বৃহৎ ছিণ্ডিকেট। পশ্চিম বংগৰ পৰা নিতৌ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি ছাগলীয়া আৰক্ষী চকীৰ সন্মুখেদি কৰ ফাকিৰে অসমত প্ৰবেশ কৰে ট্ৰাকে ট্ৰাকে ধপাঁত।
ধপাঁত ছিণ্ডিকেটৰ মূল মাষ্টাৰ নুৰ আলম সেখৰ নেতৃত্বত এই বৃহৎ ছিণ্ডিকেট চলি থকাৰ অভিযোগ উত্থাপিত হৈছে। ইফালে কৰ ফাকি দিয়া ধপাঁতৰ বিৰুদ্ধে ছাগলীয়া আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।আৰক্ষীৰ অভিযানত কৰ ফাকি আৰু অতিৰিক্ত বোজা কঢ়িওৱা দুখন ধপাঁত ভৰ্তি ট্ৰাক জব্দ কৰা হয়। ধপাঁত ভৰ্তি ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে এএছ ০১ এনচি ৮১৭৫ আৰু এএছ ০১ এছচি ৩৩৩৩ বুলি জনা গৈছে। দীৰ্ঘদিনে ধপাঁত মাফিয়া নুৰ আলম সেখে পশ্চিম বংগ আৰু অসম আৰক্ষীক মেনেজ কৰি ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ উঠি আহিছে। মাফিয়া নুৰ আলম সেখৰ ঘৰ ধুবুৰী জিলাৰ বিলাসীপাৰা বুলি জানিব পৰা গৈছে। এইক্ষেত্ৰত ধপাঁত মাফিয়া নুৰ আলম সেখৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যনীয় হৈ পৰিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ