ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহত হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক মায়াবিনী গীতেৰে শ্ৰদ্ধাঞ্জলি
শিৱসাগৰৰ ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহত হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক মায়াবিনী গীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন।
ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহত হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক মায়াবিনী গীতেৰে শ্ৰদ্ধাঞ্জলি


শিৱসাগৰ, ২৭ অক্টোবৰ (হি.স.): শিৱসাগৰৰ ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহত হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। দেওবাৰে অনুষ্ঠিত এই সমাৰোহত প্ৰিয় শিল্পীগৰাকীক মায়াবিনী গীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আয়োজক সমিতিৰ লগতে বৰ্তমানৰ ছাত্র ছাত্ৰী তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে। লগতে এই সমাৰোহত উপস্থিত থাকে ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই।

ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱাকালি সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত সকলোৱে একেলগে পৰিবেশন কৰিলে জুবিন গাৰ্গৰ মায়াবিনী গীত। শিৱসাগৰৰ শিলাকুটী, বেতবাৰী, বকতা আৰু হাঁহচৰা মৌজাৰ সঙ্গমস্থল ইতিহাস প্ৰসিদ্ধ ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৬৬বছৰ অতিক্ৰম কৰিছে আৰু এই উপলক্ষ্য়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ আয়োজন কৰা হৈছিল ৷

উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ১৯ ছেপ্টেম্বৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি। লগতে জুবিনৰ স্মৃতি যুগমীয়া কৰিবলৈ গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ ব্যতিক্ৰমী পদক্ষেপ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande