
নগাঁও, ২৭ অক্টোবৰ (হি.স.): নগাঁও জিলাৰ কলিয়াবৰৰ সোণাৰীগাঁৱত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। বান্দৰৰ আক্ৰমণত নিহত হয় এজন লোক। যোৱা কালি দেওবাৰে সন্ধিয়া সংঘটিত হৈছে এই অঘটন।
নিহত ব্যক্তিজন হিৰণ্য হাজৰিকা বুলি জানিব পৰা গৈছে। জানিব পৰামতে হিৰণ্য হাজৰিকাই ঘৰৰ চাদত উঠি কাম কৰি থকা সময়তে এজাক বান্দৰে আক্ৰমন চলায়। ফলত ব্যক্তিজন চাদৰ ওপৰৰ পৰা পৰি যায়। ইয়াৰ ফলত মূৰত বেয়াকৈ আঘাটপ্ৰাপ্ত হয় হিৰণ্য হাজৰিকা নামৰ ব্যক্তিজন। আহত লোকজনক ততাতৈয়াকে জখলাবন্ধাস্থিত মহকুমা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসাৰ সময়ত চিকিৎসকে মৃত ঘোষণা কৰে।
উল্লেখ্য় যে অঞ্চলটোত বান্দৰৰ উৎপাত নিয়মীয়া হৈ পৰিছে। জাক জাক বান্দৰৰ উৎপাতত অতীষ্ঠ হৈ পৰিছে স্থানীয় লোকসকল। বাৰীৰ শাক পাচলিৰ পৰা পাকঘৰৰ সা–সামগ্ৰীৰ ক্ষতিসাধন কৰি বান্দৰৰ জাকে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ