
শোণিতপুৰ, ২৭ অক্টোবৰ (হি.স.)। জুৱিন গাৰ্গৰ বহু প্ৰত্যাশিত ছৱি ৰৈ ৰৈ বিনালে তেজপুৰত প্ৰতিদিনে মুঠ ৫ টা ছৱিগৃহত ৩৯ টা দৰ্শনী চলিব ৷ আই এম পি ছৱিগৃহত ২৪ ঘন্টাই চলিব ছৱিখন৷ মুঠ ১৬ টা দৰ্শনী থাকিব। প্ৰতিদিনে পুৱা ৫ বজাৰ পৰা পিছদিনা পুৱা ৪.৩০ বজালৈকে চলিব একোটা দৰ্শনী৷ ছৱিগৃহৰ সন্মুখত জুৱিন স্বাক্ষৰিত গীটাৰ খনৰ লগতে থাকিব শ্ৰদ্ধাঞ্জলিৰ বাবে বিশেষ স্থান৷
সমগ্ৰ অসমত ৰাইজৰ মাজত ছবি খনক কেন্দ্ৰ কৰি বিশেষ উৎসাহ পৰিলক্ষিত হৈছে। ইতিমধ্য়ে ৰাজ্য়ৰ বহু কেইটা ছৱিগৃহত তিনি মাহৰ কাৰণে বোলছৱি খনৰ টিকট বিক্ৰী হৈছে বুলি ছবিগৃহৰ স্বত্বাধিকাৰ সকলে উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা