'মন্থা' ঘূৰ্ণীবতাহৰ বাবে ওড়িশাৰ আঠখন জিলাত ৰেড এলাৰ্ট, মোতায়েন ১২৮টা দল
ভুৱনেশ্বৰ, ২৭ অক্টোবৰ (হি.স.)। বংগোপসাগৰত দ্ৰুতগতিত তীব্ৰতৰ হৈ পৰা মন্থা ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত ওড়িশা চৰকাৰে ৰাজ্যখনৰ ৮খন দক্ষিণ জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। ২৭ৰ পৰা ৩০ অক্টোবৰৰ ভিতৰত ৰাজ্যৰ বহু ঠাইত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ আৰু প্
'মন্থা' ঘূৰ্ণীবতাহ


ভুৱনেশ্বৰ, ২৭ অক্টোবৰ (হি.স.)। বংগোপসাগৰত দ্ৰুতগতিত তীব্ৰতৰ হৈ পৰা মন্থা ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত ওড়িশা চৰকাৰে ৰাজ্যখনৰ ৮খন দক্ষিণ জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। ২৭ৰ পৰা ৩০ অক্টোবৰৰ ভিতৰত ৰাজ্যৰ বহু ঠাইত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ আৰু প্ৰচণ্ড বতাহৰ সতৰ্কবাণী প্ৰকাশ কৰিছে।দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য অভিযানৰ বাবে চৰকাৰে ১২৮টা বিশেষ দল নিয়োগ কৰিছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ২৮ অক্টোবৰত অন্ধ্ৰ প্ৰদেশৰ কাকিনাডা উপকূলৰ ওচৰত ঘূৰ্ণীবতাহ মন্থাই স্থলপথত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰভাৱৰ ফলত ওড়িশাৰ দক্ষিণ অংশত প্ৰচণ্ড বৰষুণ, প্ৰচণ্ড বতাহ আৰু বানপানীৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি শনিবাৰে গভীৰ নিশা বংগৰ মধ্য উপসাগৰত গঠন হোৱা ঘূৰ্ণীবতাহ মন্থা বৰ্তমান গোপালপুৰ (ওড়িশা)ৰ পৰা প্ৰায় ৮৫০ কিলোমিটাৰ দক্ষিণ-পূব আৰু কাকিনাডা (অন্ধ্ৰপ্ৰদেশ)ৰ পৰা প্ৰায় ৬৮০ কিলোমিটাৰ দক্ষিণ-পূবে কেন্দ্ৰীভূত হৈ আছে। ঘণ্টাত প্ৰায় ১৬ কিলোমিটাৰ বেগেৰে পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ গতি কৰা এই ঘূৰ্ণীবতাহ অহা কেইঘণ্টামানৰ ভিতৰত আৰু অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে।

ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী সুৰেশ পূজাৰীয়ে উল্লেখ কৰে যে এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ সৰ্বাধিক মলকানগিৰি, নবাৰংপুৰ, কোৰাপুট, ৰায়গড়া, গাজাপতি, গঞ্জাম, কালাহাণ্ডী, আৰু কান্ধমাল জিলাত পৰিব বুলি আশা কৰা হৈছে। প্ৰচণ্ড বৰষুণ, প্ৰচণ্ড বতাহ, স্থানীয় বানপানীৰ সম্ভাৱনাৰ বাবে এই জিলাসমূহক ৰেড জ’ন ঘোষণা কৰা হৈছে। পূজাৰীয়ে উল্লেখ কৰে যে চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য অভিযানৰ বাবে ১২৮টা বিশেষ দল মোতায়েন কৰিছে। ইয়াৰ ভিতৰত আছে ২৪টা অডিছা দুৰ্যোগ ৰেপিড একচন ফৰ্চ ইউনিট, পাঁচটা নেচনেল ডিজাষ্টাৰ ৰেচপন্স ফৰ্চৰ দল, আৰু ৯৯টা অগ্নিনিৰ্বাপক বাহিনীৰ ইউনিট। জৰুৰীকালীন অৱস্থাত তৎকালীন সঁহাৰি নিশ্চিত কৰিবলৈ সকলো দলক কৌশলগতভাৱে দুৰ্বল অঞ্চলত নিয়োগ কৰা হৈছে।

তেওঁ কয় যে মালকানগিৰিত তিনিটা অ’ডিআৰএফ দল, এটা এনডিআৰএফ ইউনিট, আৰু আঠটা অগ্নিনিৰ্বাপক বাহিনী মোতায়েন কৰাৰ বিপৰীতে কোৰাপুটত তিনিটা অ’ডিআৰএফ, এটা এনডিআৰএফ, আৰু চৈধ্যটা অগ্নিনিৰ্বাপক বাহিনীক সতৰ্ক কৰি দিয়া হৈছে। নবাৰংপুৰত দহটা আৰু ৰায়গড়াত এঘাৰটা অগ্নিনিৰ্বাপক বাহিনীৰ দল মোতায়েন কৰা হৈছে। একেদৰে গজাপতিত ৭টা, গঞ্জামত চৌবিশটা, কান্ধমালত বাৰটা, আৰু কালাহাণ্ডিত তেৰটা অগ্নিনিৰ্বাপক বাহিনীৰ দল মোতায়েন কৰা হৈছে। ইতিমধ্যে এন ডি আৰ এফৰ দুটা দল মালকানগিৰি আৰু কোৰাপুটত উপস্থিত হোৱাৰ বিপৰীতে ৰায়গড়া, গজাপতি, আৰু কান্ধমাললৈ অতিৰিক্ত দল প্ৰেৰণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে সময়মতে অনুসন্ধান আৰু উদ্ধাৰ অভিযান নিশ্চিত কৰাৰ বাবে আটাইকেইখন ৰেড জ’ন জিলাতে কমেও তিনিটা অ’ডিআৰএফ দল মোতায়েন কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande