ৰূপহীহাটৰ ২নং ভুৰবন্ধাত পত্নীক হত্যা কৰি স্বামীৰ আত্মহত্যা
নগাঁও, ২৭ অক্টোবৰ (হি.স.)। দেওবাৰে নিশা ৰূপহীহাটৰ ২নং ভুৰবন্ধাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। পত্নীক হত্যা কৰি স্বামীয়ে কৰিলে আত্মহত্যা। পত্নী সবিতা সৰকাৰক ডিঙিকাটি হত্যা কৰি স্বামী প্ৰদীপ সৰকাৰে পথাৰত চিপ লৈ আত্মহত্যা কৰে। ইফালে ঘৰৰ ভিতৰতে পত্নী
দেওবাৰে নিশা ৰূপহীহাটৰ ২নং ভুৰবন্ধাত চাঞ্চল্যকৰ ঘটনা।


দেওবাৰে নিশা ৰূপহীহাটৰ ২নং ভুৰবন্ধাত চাঞ্চল্যকৰ ঘটনা।


নগাঁও, ২৭ অক্টোবৰ (হি.স.)। দেওবাৰে নিশা ৰূপহীহাটৰ ২নং ভুৰবন্ধাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। পত্নীক হত্যা কৰি স্বামীয়ে কৰিলে আত্মহত্যা।

পত্নী সবিতা সৰকাৰক ডিঙিকাটি হত্যা কৰি স্বামী প্ৰদীপ সৰকাৰে পথাৰত চিপ লৈ আত্মহত্যা কৰে। ইফালে ঘৰৰ ভিতৰতে পত্নী সবিতা সৰকাৰ ডিঙি কটা অৱস্থাত পৰি আছে আনফালে স্বামী প্ৰদীপ সৰকাৰ পথাৰৰ মাজত চিপ লোৱা অৱস্থাত ওলমি আছে।

স্বামীৰ স্ত্ৰীৰ কন্দলৰ বাবেই এই চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। এই ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰি আমবাগান আৰক্ষীৰ লোক ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু দুয়োটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। কি কাৰণত এই ঘটনা সংঘটিত হৈছে তাক লৈ এতিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande