কলিতা সকলক জনজাতি কৰণৰ দাবীত নলবাৰীত কলিতা আলপাইন জনগোষ্ঠীৰ জোঁৰ সমদল
কলিতা সকলক জনজাতি কৰণৰ দাবীত নলবাৰীত কলিতা আলপাইন জনগোষ্ঠীৰ জোৰ সমদলত আৰক্ষীৰ বাধা ।
কলিতা সকলক জনজাতি কৰণৰ দাবীত নলবাৰীত কলিতা আলপাইন জনগোষ্ঠীৰ জোঁৰ সমদল


নলবাৰী, ২৭ অক্টোবৰ (হি.স.): জনজাতি কৰণৰ দাবীত এইবাৰ ৰাজপথলৈ ওলাই আহিছে কলিতা জনগোষ্ঠী। কলিতা সকলক জনজাতি কৰণৰ দাবীত নলবাৰীত কলিতা আলপাইন জনগোষ্ঠীয়ে জোৰ সমদল বাহিৰ কৰে। এই সমদলত আৰক্ষীৰ বাধা প্ৰদান কৰে ।

উল্লেখ্য় যে যোৱা কালি দেওবাৰে সন্ধিয়া নলবাৰী চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰৰ পৰা উলিওৱা হয় প্ৰতিবাদী সমদল। এই সমদলটোক আৰক্ষীয়ে খেলপথাৰৰ পৰা বাহিৰ হোৱা সময়তে বাধা প্ৰদান কৰে । কলিতা আলপাইন জন গোষ্ঠীৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কলিতা সকলক জনজাতি কৰণৰ দাবীত বাহিৰ কৰা সংগঠনটোৰ এই সমদলত সংগঠনটোৰ ৰাজ্যিক সমিতিৰ সম্পাদক নয়ন কলিতা, কাৰ্যকৰী সভাপতি ভুৱনেশ্বৰ কলিতা উপস্থিত থাকে৷

উল্লেখযোগ্য যে সমদলটো নলবাৰী চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা নলবাৰী থানা চ’কলৈ জোঁৰলৈ আগবাঢ়ি যায় যদিও সমদলটোক নলবাৰী আৰক্ষীয়ে বেৰিকেড দি বাধা প্ৰদান কৰে৷ আনহাতে প্ৰতিবাদকাৰী সকলে নো এছটি নো ৰেষ্ট, NO ST NO REST, আমাক জনজাতিকৰণ লাগিবই, অসম পুলিচ হায় হায় ধ্বনিৰে ৰাজপথ কঁপাই তোলে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande