

মৰিগাঁও, ২৭ অক্টোবৰ (হি.স.)। জাগীৰোডৰ জাগী ভকতগাঁৱত মন্ত্ৰী পীযুষ হাজৰিকা। জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত নিযুত মইনা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি হিতাধিকাৰী ছাত্ৰী সকলক সোমবাৰে চেক বিতৰণ কৰে মন্ত্ৰী গৰাকীয়ে ।
কেইবা সহস্ৰাধিক ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থকা অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰী, অতিৰিক্ত আয়ুক্ত অনুসূয়া শৰ্মা, জাগীৰোড সমজিলাৰ আয়ুক্ত হৃদয় কুমাৰ দাস, মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া আদি উপস্থিত থাকে । ইপিনে কংগ্ৰেছ নেতা প্ৰিয়াংক খৰ্গেৰ বিৰুদ্ধে সৰব মন্ত্ৰী পীযুষ হাজৰিকা । জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প সন্দৰ্ভত অসমক বিৰোধীতা কৰাৰ বিৰুদ্ধে কঠোৰ সমালোচনা কংগ্ৰেছ নেতা গৰাকীক । কংগ্ৰেছে সদায় অসমক বিৰোধীতা কৰি আহিছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।
হিন্দুস্থান সমাচাৰ / Narayan Kar