
কামৰূপ, ২৭ অক্টোবৰ (হি.স.): প্ৰাণৰ শিল্পী হিয়াৰ আমঠু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৱে সমগ্ৰ অমস তথা অসমীয়াক আজিও ব্য়থিত কৰি ৰাখিছে। অসম সম্পদ, আমাৰ গৌৰৱ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জনায় ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি আহিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। যোৱা কালি আবেলি বৃহত্তৰ আমৰাঙ্গা বৰিহাট নাগৰিক মঞ্চৰ উদ্যোগত আৰু আমৰাঙ্গা বৰিহাট অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত দক্ষিণ কামৰূপৰ বৰিহাটস্থিত আমৰাঙ্গা বৰিহাট মিনি ষ্টেডিয়ামত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি স্থানীয় শিল্পীৰ দ্বাৰা নাম প্ৰসংগ কৰাৰ লগতে জুবিন গাৰ্গৰ জীৱন সম্পৰ্কে বহুজনে মন্তব্য আগবঢ়ায় ।
উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে বিশিষ্ট অভিনেতা তথা জুবিন গাৰ্গৰ বন্ধু ৰবি শৰ্মা উপস্থিত থাকি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে অশ্ৰুশিক্ত নয়নেৰে পুনৰবাৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তোলে। লগতে বন্ধু জুবিন গাৰ্গৰ সৈতে কটোৱা বহু মধুৰ স্মৃতি ৰোমান্থন কৰাৰ লগতে বহু কথাই ৰাইজৰ আগত প্ৰকাশ কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে বৃহত্তৰ বৰিহাট অঞ্চলত মমবাতি জ্বলাই এক মৌন সমদল উলিয়াই য'ত শতাধিক লোকে অংশগ্ৰহণ কৰে। জুবিন মৃত্যুৰ ৰহস্যৰ পিছতেই বহু এটা পক্ষই সমগ্ৰ ঘটনাটোক ৰাজনীতিকৰণ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হোৱা বুলিও মন্তব্য কৰে অভিনেতা গৰাকীয়ে। লগতে দীঘলী পুখুৰী পাৰৰ গছ কটা সন্দৰ্ভতো কৰা মন্তব্যত এতিয়াও নিজৰ স্থিতিত অটল থকাৰ কথা ব্য়ক্ত কৰে। নিজৰ ছবিজগতৰ এটা স্বাধীন দল এৰি কোনো ৰাজনৈতিক দলত যোগদান কৰিবলগীয়া অৱস্থা হোৱা নাই বুলিও মন্তব্য কৰে তেওঁ। লগতে ৰাজনীতি নকৰিবলৈ বিজেপি দলৰ বিৰুদ্ধে গোৱা পলিটিক্স (politics) নকৰিবা বন্ধু গানটো গোৱা বুলি মন্তব্য কৰে।
ৰবি শৰ্মাই আৰু কয় যে আবেগৰ সময়ত কোনোধৰণৰ এছঅ’পি গাঠি দি জনসাধাৰণক আৰু অধিক আবেগিক কৰিব নালাগে। গণতান্ত্ৰিক দেশত কোনোধৰণৰ জোৰ জুলুম কৰি বোজা জাপি দিব নালাগে। শাসক বিৰোধী মিলিহে এখন গণতান্ত্ৰিক দেশ সম্পূৰ্ণ। গণতন্ত্ৰত বিৰোধী থাকিবই। গতিকে কোনোধৰণৰ প্ৰতিবাদী সত্তাক বাক স্বাধীনতা খৰ্ব কৰি দমন কৰিবলৈ চেষ্টা কৰিব নালাগে আৰু প্ৰতিবাদী সত্তাৰ মুখ কেতিয়াও বন্ধ কৰিব নোৱাৰে। জুবিন মৃত্যুৱে অসমৰ জনতাক আৰু অধিত সাহসী কৰি তুলিলে। শংকৰ আজানৰ দেশত কোনোধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি নচলিব বুলিও মন্তব্য কৰে অভিনেতা তথা জুবিন গাৰ্গৰ বন্ধু ৰবি শৰ্মাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ