
শোণিতপুৰ, ২৭ অক্টোবৰ (হি.স.)। শোণিতপুৰৰ ৰঙাপৰাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ৷ বন্যহস্তীয়ে ঘৰ দুৱাৰ ভাঙি ক্ষতিসাধন কৰি আহিছে ৷ কালি নিশা বন্যহস্তীৰ আক্ৰমনত এজন লোকৰ মৃত্যু হয় ৷ এজন গুৰুতৰভাৱে আহত হয় ৷ ৰঙাপৰাৰ ২ নং কলাবিলত সংঘটিত হয় ঘটনাটো ৷ বন্যহস্তী আক্ৰমনত নিহত হয় ২ নং কলাবিলৰ চুজিত পুৰ্তি ৷ আহত হয় বুধৰাম পুৰ্তি ৷
দুই ককাই ভাই কালি সন্ধিয়া সময়ত তাৰাজুলি চাহ বাগিচাৰ পৰা মটৰ চাইকেলেৰে নিজ বাসগৃহ কলাবিললৈ গৈ থকা সময়ত হঠাৎ এটা বন্যহস্তীয়ে আক্ৰমন কৰাত নিহত হয় চুজিত পুৰ্তি ৷ আনহাতে বন্যহস্তীৰ আক্ৰমনৰ পৰা কথমপি ৰক্ষা পৰে ভাইয়েক বুধৰাম পুৰ্তি ৷ হাতীৰ আক্ৰমন কৰা সময়ত পলায়ন কৰে যদিও আহত হয় ভাতৃ ৷ বন বিভাগৰ লোক নিশা কলাবিল উপস্থিত হৈ হাতীটো খেদি পঠিয়াবলৈ সক্ষম হয় ৷ উল্লেখ্য যে প্ৰতি বছৰে বন্যহস্তীৰ আক্ৰমনত লোক নিহত হৈ অহাৰ পাছতো বন বিভাগে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা