
নতুন দিল্লী, ২৭ অক্টোবৰ (হি.স.)। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে। অহা ৪ নৱেম্বৰত অনুষ্ঠিত হবলগা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব। নিৰ্বাচন সমিতিৰ অধিসূচনা অনুসৰি ২৫ অক্টোবৰৰ দুপৰীয়া ২:০০ বজাৰ পৰা বিয়লি ৫:০০ বজাৰ ভিতৰত মনোনয়ন পত্ৰ বিতৰণ কৰা হৈছিল। আজি পুৱা ৯:৩০ বজাৰ পৰা বিয়লি ৫:০০ বজালৈ প্ৰাৰ্থীসকলেয়ে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব।
জেএনইউৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী সমিতিৰ তথ্য অনুসৰি অহা ২৮ অক্টোবৰৰ পুৱা ১০:০০ বজাত বৈধ মনোনয়ন পত্ৰৰ তালিকা প্ৰদৰ্শিত হ’ব। দুপৰীয়া ২:০০ বজাৰ পৰা ৫:০০ বজাৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। সন্ধিয়া ৭:০০ বজাৰ ভিতৰত প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ পাব। ইফালে নিশা ৮:০০ বজাত প্ৰচাৰৰ স্থান আবণ্টনৰ সৈতে সংবাদমেল অনুষ্ঠিত হ’ব।
নিৰ্বাচন সমিতিৰ তথ্য অনুসৰি অহা ২ নৱেম্বৰত জেএনইউ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বাবে সভাপতিৰ বিতৰ্ক (প্ৰেচিডেন্সিয়েল ডিবেট) অনুষ্ঠিত হ’ব। পিছদিনা অৰ্থাৎ ৩ নৱেম্বৰত প্ৰচাৰ নিষিদ্ধ দিৱস ঘোষণা কৰা হৈছে। ৪ নৱেম্বৰত দুটা অধিবেশনত ভোটগ্ৰহণ কৰা হ’ব, পুৱা ৯:০০ বজাৰ পৰা ১:০০ বজালৈ আৰু ২:৩০ বজাৰ পৰা ৫:৩০ বজালৈ। এই নিৰ্বাচনত ৯ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ভোটদান কৰিব। ইফালে ৪ নৱেম্বৰৰ নিশা ৯:০০ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব। ফলাফল ৬ নৱেম্বৰত ঘোষণা কৰা হ’ব।
বিগত নির্বাচনৰ পৰা শিক্ষা লৈ বাওঁপন্থী ছাত্র সংগঠন– অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচন (এ আই এছ এ), ষ্টুডেণ্টছ ফেডাৰেচন অৱ ইণ্ডিয়া (এছ এফ আই) আৰু ডেম’ক্ৰেটিক ষ্টুডেণ্টছ ফেডাৰেচনে যৌথ ফ্রণ্ট গঠন কৰাৰ সিদ্ধান্ত লৈছে ৷ এই মিত্ৰতাৰ লক্ষ্য হৈছে কেম্পাছত বাওঁপন্থীৰ পৰম্পৰাগত আধিপত্য পুনৰ লাভ কৰা। বিগত নির্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে লাভৱান হৈছিল, প্রায় ১০ বছৰৰ পাছত যুটীয়া সম্পাদক পদত জয়ী হৈছিল ৷ এবিভিপিৰ দিল্লী ইউনিটৰ যুটীয়া সম্পাদক বিকাশ পেটেলে বাওঁপন্থী ছাত্ৰ সংগঠনৰ এই পদক্ষেপক ৰাজনৈতিক সুবিধাৰ মিত্ৰতা বুলি অভিহিত কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ