
কামৰূপ, ২৭ অক্টোবৰ (হি.স.)। নাওকাটাত নিযুত মইনা আঁচনিৰ চেক বিতৰণ। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নিযুত মইনা ২-০ প্ৰকল্পৰ উদ্বোধন কৰাৰ লগত সংগতি ৰাখি নাওকাটাতো এই নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰা হয়।
নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটি উদ্বোধন কৰে অধ্যক্ষ ৰবিৰাম ব্ৰহ্মই । বিদ্যালয়খনৰ ৩৮৬ গৰাকী ছাত্ৰীক নিযুত মইনা আঁচনিৰ চেক প্ৰদান কৰা অনুষ্ঠানটিত গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া ত্ৰিলিনা টাইট, অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক কন্দৰ্প ডেকা, আৰু অৱসৰ প্ৰাপ্ত শিক্ষক ৰবিৰাম বসুমতাৰী উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু