
বঙাইগাও, ২৭ অক্টোবৰ (হি.স.)। যোগীঘোপাত নিযুত মইনা আঁচনিৰ ২.০ ৰ চেক বিতৰণ । চলন্তাপাৰাস্থিত মহাত্মা গান্ধী মহাবিদ্যালয়ত ছাত্ৰী সকলৰ মাজত ‘‘নিযুত মইনা’’ আঁচনিৰ চেক বিতৰণ অনুষ্ঠান ৷ চেক প্ৰদান অনুষ্ঠানক কেন্দ্ৰ কৰি বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ছাত্ৰ সমাজে ।
শ্ৰেণী কোঠাত পাঠদান বন্ধ কৰি নিযুত মইনা আঁচনিৰ ২.০ ৰ চেক বিতৰণ কাৰ্যসূচীত অধ্যাপক অধ্যাপিকাৰ অংশগ্ৰহণ । ফলত মহাবিদ্যালয়ৰ পাঠদান বন্ধ হোৱাক কেন্দ্ৰ কৰি ক্ষোভিত ছাত্ৰ সমাজ । কন্যা শিশু সকলৰ কল্যাণৰ বাবে ৰাজ্যৰ মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰ জোত চৰকাৰে নিযুত মইনা আচনি গ্ৰহণ কৰে।উক্ত আচনিৰ জৰিয়তে ৰাজ্য়ত বাল্য় বিবাহৰ সংখ্য়া হ্ৰাস পাব বুলি ৰাজ্য়ৰ শিশু কল্য়াণ বিশেষজ্ঞ সকলে অনুমান কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা