
তামুলপুৰ, ২৭ অক্টোবৰ (হি.স.)। গোৰেশ্বৰ মহাবিদ্যালয়ত নিযুত মইনা ২.০ৰ চেক বিতৰণ কাৰ্যসূচী । মুখ্যমন্ত্ৰী গৰাকীয়ে আজি আনুষ্ঠানিকভাৱে এই আঁচনি শুভাৰম্ভণি কৰাৰ পিছতে গোৰেশ্বৰ মহাবিদ্যালয়তো অনুষ্ঠিত হয় চেক বিতৰণ কাৰ্যসূচী । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই ।
লগতে উপস্থিত থাকে তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত ড° দিপাংকৰ নাথ আৰু তামুলপুৰৰ সমাজকৰ্মী ভিক্টৰ কুমাৰ দাসৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমোদ মেধী আৰু উপাধ্যক্ষ উমেশ চন্দ্ৰ বড়োই । মুখ্যমন্ত্ৰীৰ এই আঁচনিয়ে ছাত্ৰী সকলক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ সমান্তৰালভাৱে সামাজিক ব্যাধি বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অনন্য পদক্ষেপ হ'ব বুলি মন্তব্য কৰে ৰাতুল শৰ্মাই lমুখ্যমন্ত্ৰীৰ এই আঁচনিয়ে প্ৰমাণ কৰে ৰাজ্যৰ কন্যা সন্তান সকলৰ প্ৰতি ৰাজ্য চৰকাৰ কিমান দায়বদ্ধ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু