

নতুন দিল্লী, ২৭ অক্টোবৰ (হি.স.)। মধ্যপ্ৰদেশৰ সতনা জিলাৰ মাণিকপুৰ অংশত দেওবাৰে নিশা এক বৃহৎ ৰে’ল দুৰ্ঘটনা ৰোধ কৰা হয়। পুৱা প্ৰায় ২:৫৪ বজাত মাঝগাঁৱ আৰু থিকাৰিয়া ষ্টেচনৰ মাজত মুম্বাই (লোকমান্য তিলক টাৰ্মিনাছ)ৰ পৰা ভাগলপুৰলৈ গৈ থকা ১২৩৩৬ নং যাত্ৰীবাহী ৰে’লৰ কপলিং ছিগি তিনিটা ডবা এৰি থৈ যায়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত সাৱধানতাৰ বাবে ঘণ্টাত ১০ কিলোমিটাৰ বেগেৰে যাত্ৰা কৰি আছিল ৰে’লখন। এই তথ্য লাভ কৰাৰ লগে লগে ৰে’লৱেৰ বিষয়া আৰু কাৰিকৰী কৰ্মচাৰীয়ে সেই স্থানত উপস্থিত হৈ এছ-১ ডবাখন পৃথক কৰি যাত্ৰীসকলক আন এখন ডবালৈ স্থানান্তৰিত কৰে। ইয়াৰ পিছত সোমবাৰে পুৱা প্ৰায় ৭ বজাত গন্তব্যস্থানলৈ ৰাওনা হয় ৰে’লখন। ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে ৰে’লৱে।
ৰে’ল বিভাগৰ বিষয়াসকলৰ মতে, দেওবাৰে ভাগলপুৰ অভিমুখে গৈ আছিল ১২৩৩৬ নম্বৰৰ মুম্বাই-ভাগলপুৰ এক্সপ্ৰেছ ৰে’ল খন। পুৱতি নিশা প্ৰায় ২:৫৪ বজাত ৰে’লখন মাঝগাঁৱ আৰু থিকাৰিয়া ষ্টেচনৰ মাজত চলি গৈ থকাৰ সময়ত এটা কাপলিং ভাঙি যায়, যাৰ ফলত এছ-১ কোচ, জেনেৰেল ডবা আৰু গাৰ্ডৰ ভ্যানখন ৰে’লৰ পৰা পৃথক হৈ পৰে। সেই সময়ত ঘণ্টাত ১০ কিলোমিটাৰ সতৰ্কবাণীমূলক গতিৰে যাত্ৰা কৰিছিল ৰে’লখন। এছ-১ ডবাটোৰ কপলিংটো ভাঙি চাপ কমি গতি লেহেমীয়া হোৱাৰ বাবে এটা বৃহৎ দুৰ্ঘটনা ৰোধ কৰা হয়। দুৰ্ঘটনাটোৰ পিছত চাপ কমি যোৱাৰ বাবে ৰে’লখন স্বয়ংক্ৰিয়ভাৱে ৰৈ যায়। ফলস্বৰূপে কোনো ডাঙৰ ক্ষতি হোৱা নাছিল। ট্ৰেইনখনৰ পিছফালে প্ৰায় ১০০ মিটাৰমানহে যাত্ৰা কৰিবলৈ সক্ষম হৈছিল বিচ্চিন্ন ডবা কেইটা। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে এলেকা মেনেজাৰ নৰেশ সিং, ষ্টেচন মাষ্টাৰ আব্দুল মতীন, বাণিজ্যিক আৰু চি এন ডব্লিউৰ কৰ্মচাৰী, আৰ পি এফ, জি আৰ পি, আৰু এটা কাৰিকৰী দল ঘটনাস্থলীত উপস্থিত হয়। কাৰিকৰী কৰ্মচাৰীয়ে সেই স্থানত উপস্থিত হৈ এছ-১ ডবাটো আঁতৰাই ডাউন ট্ৰেক পুনৰ মুকলি কৰে। ইয়াৰ পিছত এছ-১ ডবাটোৰ পৰা যাত্ৰীসকলক আন ডবালৈ স্থানান্তৰ কৰা হয় আৰু বাকী দুখন সাধাৰণ ডবা সংলগ্ন কৰি ৰে’লখনে পুৱা ৭ বজাত ভাগলপুৰলৈ ৰাওনা হয়।
এই ঘটনা নিশ্চিত কৰি এৰিয়া মেনেজাৰ নৰেশ সিঙে কয় যে ৰে’লৱেই কপলিং ভাঙি যোৱাৰ কাৰণৰ তদন্তৰ নিৰ্দেশ দিছে। প্ৰাথমিক তদন্তত কপলিং জইণ্টত কাৰিকৰী ত্ৰুটিৰ কথা পোহৰলৈ আহিছে। এই ঘটনাত কোনো যাত্ৰী আহত হোৱা নাই। আক্ৰান্ত ডবাখনৰ সকলো যাত্ৰী সুৰক্ষিত আৰু অন্য ডবালৈ বদলি কৰি গন্তব্যস্থানলৈ প্ৰেৰণ কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ