
তামুলপুৰ, ২৭ অক্টোবৰ (হি.স.)। তামুলপুৰত আকস্মিক দুৰ্যোগৰ পৰা তাৎক্ষণিক সহায়ৰ বাবে মক-ড্ৰিল অনুষ্ঠিত কৰা হয়।
তামুলপুৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত আজি জিলা প্ৰশাসনৰ উদ্যোগত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলাখনৰ সকলো কতৃপক্ষক সামৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতিত আকস্মিক দুৰ্যোগ যেনে ভূমিকম্প, দুৰ্ঘটনা, অগ্নিকাণ্ড আদিৰ পৰা তাৎক্ষণিক সহায়ৰ বাবে আজি মক ড্ৰিল অনুষ্ঠিত কৰা হয়। আগন্তুক ২৯ অক্টোবৰত পুৱা ১০.৩০ বজাত পুনৰ জিলাখনৰ ৪১ খন স্কুলত এই অনুশীলন অনুষ্ঠিত কৰা হব। উল্লেখ্য যে এই অনুশীলনে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰি ৰাইজক সজাগতাৰ ক্ষেত্ৰত যথেষ্ট সহায় হব বুলি আশা কৰা হৈছে। আজি এই অনুষ্ঠানত জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া, এছএছবি, অগ্নিনিৰ্বাপক বাহিনী, এন ডি আৰ এফ কে ধৰি সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু