মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীত বিতৰণ কৰে নিযুত মইনা আঁচনিৰ চেক
নলবাৰী, ২৭ অক্টোবৰ (হি.স.)। নলবাৰীত আজি বিতৰণ কৰা হ''ল নিযুত মইনা আঁচনিৰ চেক। নলবাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিতৰণ কৰা হয় চেক সমূহ । ১০ গৰাকীকৈ ছাত্ৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। নলবাৰী জিলাখনত প্ৰায় ১২
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীত বিতৰণ কৰে নিযুত মইনা আঁচনিৰ চেক


নলবাৰী, ২৭ অক্টোবৰ (হি.স.)। নলবাৰীত আজি বিতৰণ কৰা হ'ল নিযুত মইনা আঁচনিৰ চেক। নলবাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিতৰণ কৰা হয় চেক সমূহ । ১০ গৰাকীকৈ ছাত্ৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। নলবাৰী জিলাখনত প্ৰায় ১২ হাজাৰ ছাত্ৰীক এইবাৰ নিযুত মইনা আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে।

এই আঁচনিয়ে কণ্যা সন্তানক উচ্চ শিক্ষাত যথেষ্ট সহায়ক হোৱাৰ লগতে, বাল্যবিৱাহ ৰোধ কৰাৰ ক্ষেত্ৰতো সহায়ক হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী গৰাকী উল্লেখ কৰে যে, ৰাজ্য়ৰ কন্যা সন্তানৰ কল্যাণৰ হকে গ্ৰহণ কৰা এনে ধৰণৰ আচনি ইয়াৰ পুৰ্বে অসমৰ শাসনত অধিষ্ঠিত কোনো চৰকাৰে গ্ৰহণ কৰা নাছিল। ৰাজ্যৰ মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন একমাত্ৰ বিজেপি চৰকাৰে কন্যা সন্তানৰ কল্য়াণৰ হকে এইদৰে আচনি গ্ৰহণ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande