
গুৱাহাটী, ২৭ অক্টোবৰ (হি.স.)। ৰাজ্যৰ কন্যাসকলৰ আকাশ চোৱাৰ হেঁপাহক এখোজ আগবঢ়াই দিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২৪-২৫ বৰ্ষৰ পৰা ‘নিযুত মইনা’ নামেৰে এক অভিলাষী আঁচনি গ্রহণ কৰিছিল। এই আঁচনিখনৰ জড়িয়তে কন্যা শিক্ষাৰ্থীসকলে উচ্চ শিক্ষা লাভ কৰি নিজৰ সপোনক বাস্তৱায়িত কৰি সমাজত প্ৰতিষ্ঠিত হোৱাৰ সুবৰ্ণ সুযোগ লাভ কৰাৰ লগতে ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ সুখৰ বন্যা নমাই আনিছে। ধনৰ অভাৱত অভিভাৱক সকলৰ ইচ্ছা থকা স্বত্বেও এটি সুন্দৰ শৈক্ষিক পৰিৱেশৰ পৰা নিজৰ কন্যাক বঞ্চিত কৰিব লগা হৈছিল। কিন্তু ‘নিযুত মইনা’ আঁচনিয়ে তেনে অভিভাৱক সকলৰ জীৱনলৈ আশাৰ ৰেঙণি আনিছে। ৰাজ্যৰ নাৰী শক্তিক শক্তিশালী কৰিবলৈ ইতি মধ্যে মুখ্যমন্ত্ৰীয়ে অৰুণোদয়, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান, বাল্য বিবাহৰ বিৰুদ্ধে অভিযান, ছাত্ৰী সকলক স্কুটি প্রদান, ৰাজ্যৰ চৰকাৰী চাকৰি সমূহত মহিলা সকলৰ বাবে সংৰক্ষণ আদি গুৰুত্বপূৰ্ণ পদক্ষেপগ্ৰহণ কৰিছে বুলি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যম লৈ প্ৰেৰণ কৰা বিবৃতিত মুখপাত্ৰ প্ৰাঞ্জল কলিতাই বৰ্ণনা কৰিছে।
ৰাজ্যৰ ১০ লাখ ছাত্ৰীক সামৰি ২৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা অসম চৰকাৰৰ অভিলাষী আঁচনি নিযুত মাইনা ২.০ ৰ চেক বিতৰণ কাৰ্যসূচীয়ে ৩.৫ লাখ ছাত্ৰীক ইতিমধ্যে সামৰি লৈছে। মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পতঅনুষ্ঠিত নিযুত মইনা আঁচনিৰ চেক বিতৰণৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ জড়িয়তে ইয়াৰ শুভাৰম্ভ কৰে। বিগত২০২৪-২৫ বৰ্ষত ১.৬ লাখ ছাত্ৰীৰ বাবে মুঠ ১৩৩ কোটি টকা মুকলিৰে বিজেপি নেতৃত্বাধীন অসমচৰকাৰে ৰাজ্যৰ কন্যা শিক্ষাৰ্থী সকলক উচ্চ শিক্ষাৰ ক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যাবলৈ সকাহ প্রদানকৰিছিল। ঠিক একেদৰে বাল্য-বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ লাখ লাখ কন্যা শিশুক এই দুঃস্বপ্নৰ পৰা নিৰাপত্তা প্ৰদান কৰিছে বুলি মুখপাত্ৰ কলিতাই প্ৰেছ বিবৃতিত উল্লেখ কৰিছে। ‘নিযুত মইনা’ আঁচনিয়ে বিজেপি চৰকাৰৰ আমোলত কন্যাসকলক ঘৰ-পৰিয়ালৰ আশা ভৰষাৰ থলীলৈ ৰূপান্তৰিত কৰিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী