
চণ্ডীগড়, ২৭ অক্টোবৰ (হি.স.)। বলীউডৰ অভিনেত্ৰী তথা হিমাচল প্ৰদেশৰ মাণ্ডি সমষ্টিৰ সাংসদ কংগনা ৰানাৱতৰ কনভয় সোমবাৰে দিল্লীৰ পৰা ভাথিণ্ডালৈ যাওঁতে পথভ্ৰষ্ট হয় আৰু হাৰিয়ানাৰ জিন্দত উপস্থিত হয়। কংগনাই জিন্দৰ এটা বিশ্ৰাম গৃহত প্ৰায় ৩০ মিনিট সময় অতিবাহিত কৰে।
কংগনাৰ বিৰুদ্ধে পঞ্জাৱৰ ভাথিণ্ডাত কৃষকৰ প্ৰতিবাদৰ সময়ত মহিলাৰ বিষয়ে মন্তব্য কৰাৰ অভিযোগত আদালতত গোচৰ চলি আছে আৰু সোমবাৰে শুনানিৰ দিন ধাৰ্য কৰা হৈছিল। কংগনাই নিজৰ নিৰাপত্তাৰক্ষীৰ সৈতে দিল্লীৰ পৰা ভাথিণ্ডালৈ ৰাওনা হয়। খবৰ অনুসৰি তেওঁ ৰোহটক আৰু মেহাম হৈ দিল্লীৰ পৰা যাব লাগিছিল যদিও ভুলতে তেওঁৰ কনভয়ে দিল্লী-কাটৰা ঘাইপথত উঠেগৈ। তাৰ পিছত তেওঁ শোণীপাটৰ পৰা জিন্দত উপস্থিত হয়। ইয়াত আহি পোৱাৰ পিছত তেওঁ আধা ঘণ্টামান জিৰণি ঘৰ এটাত আশ্ৰয় লয়। পিছত কংগনা ৰানাউটক জিন্দৰ পৰা বৰৱালা হৈ ফতেহাবাদলৈ পঠিয়াই দিয়া হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ