গৌৰৱ গগৈৰ সাহস আছে যদি প্ৰিয়ংক খৰ্গেৰ অসম বিৰোধী বক্তব্যৰ বাবে গৰিহণা দিয়কঃ প্ৰত্যাহ্বান বিজেপিৰ
গুৱাহাটী, ২৭ অক্টোবৰ (হি.স.)। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ কৰ্ণাটক কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী তথা কংগ্ৰেছৰ নেতা প্ৰিয়ংক খৰ্গেয়ে অসমত উদ্যোগ প্ৰতিষ্ঠাৰ বাবে মেধাসম্পন্ন অসমীয়া লোক নাই বুলি কৰা মন্তব্যই অসমীয়া মানুহক ইতিকিং কৰ
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ২৭ অক্টোবৰ (হি.স.)। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ কৰ্ণাটক কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী তথা কংগ্ৰেছৰ নেতা প্ৰিয়ংক খৰ্গেয়ে অসমত উদ্যোগ প্ৰতিষ্ঠাৰ বাবে মেধাসম্পন্ন অসমীয়া লোক নাই বুলি কৰা মন্তব্যই অসমীয়া মানুহক ইতিকিং কৰিছে আৰু জাতীয় স্বভিমানত আঘাট সানিছে। আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয় বশিষ্ঠস্থিত বাজপেয়ী ভৱনত ৰাজ্যিক মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে এখন সংবাদ মেল যোগেদি অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক সাহস আছে যদি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰৰ অসম বিৰোধী মন্তব্যৰ বিৰুদ্ধে অসম কংগ্ৰেছে গৰিহণা প্রস্তাৱ লৈ দেখুৱাওক বুলি মুকলি প্রত্যাহ্বান জনায়।

তেওঁ লগতে উল্লেখ কৰে যে, ঐতিহাসিক ভাৱে কংগ্ৰেছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক অপমানিত আৰু বিদ্বেষ কৰি আহিছে। ১৯৬২ চনত জৱাহৰলাল নেহেৰুৱে চীনা সৈন্যৰ ওচৰত আত্মসমৰ্পন কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলক চীন দেশৰ ওচৰত গতাই দিছিল। ১৯৭১ চনত ইন্দিৰা গান্ধিয়ে পাকিস্তানৰ পৰা পূৱ-পাকিস্তানক খণ্ডিত কৰি বাংলাদেশ গঠন কৰাৰ ফলশ্ৰুতিত অসমলৈ ৪০ লাখ বাংলাদেশী আমদানী কৰিলে।

আনহাতে, অসম চুক্তিক জাপি দি ৰাজীৱ গান্ধীয়ে নাগৰিকত্বৰ কাট অফ ইয়েৰ ১৯৫১ ৰ সলনি অসমৰ ক্ষেত্ৰত ১৯৭১ চন বলবৎ কৰি অসমত বসবাস কৰা অবৈধ বাংলাদেশী মিঞাক নাগৰিকত্ব প্রদান কৰিলে। বৰ্তমান কংগ্ৰেছৰ নেতা ৰাহুল গান্ধিয়ে ‘ভাৰত জোৰো” যাত্ৰাৰ সময়ত ভাৰতবৰ্ষ খনৰ ভৌগলিক প্ৰতিচ্ছবি বৰ্ণনা দিওতে ভাৰতবৰ্ষৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বাদ দিছিল। কংগ্ৰেছৰ ভূল সিদ্ধান্তৰ বাবে আজি অসমে অবৈধ মিঞাৰ পূজা লোৱাৰ ফলত অসমখন অৰ্থনৈতিক ভাৱে বহু পিছুৱাই গ’ল বুলি সংবাদমেল খনত মুখপাত্ৰ জয়ন্ত গোস্বামীয়ে উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande