
ভাগলপুৰ, ২৭ অক্টোবৰ (হি.স.)। বিহাৰৰ ভাগলপুৰ জিলাখনৰ নৱগাছি মহকুমাৰ ইছমাইলপুৰ ব্লকৰ নৱতোলীয়া বজৰংগবলী মন্দিৰৰ সমীপত গংগা নদীত গা ধুবলৈ গৈ থকা অৱস্থাত সোমবাৰে চাৰিটা শিশুৰ মৃত্যু হয়।
জানিব পৰা মতে, গা ধুই থকা অৱস্থাত এটা শিশু গভীৰ পানীত বুৰ গৈছিল। তেওঁক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি থাকোঁতে আন তিনিটা শিশুও গভীৰ পানীত সোমাই যায়, যাৰ ফলত তেওঁলোকৰ মৃত্যু হয়। প্ৰাক্তন মুখীয়া মনোহৰ কুমাৰ মণ্ডল আৰু বৰ্তমানৰ মুখীয়া অনিল কুমাৰে উল্লেখ কৰে যে আটাইকেইটা শিশুৱে গা ধুবলৈ দুখন চাইকেলেৰে ঘৰৰ পৰা নৱতোলীয়া ঘাটলৈ আহিছিল। এটা শিশুৱে গভীৰ পানীত সোমাই পানীত ডুব যোৱাৰ লগে লগে সকলো ল’ৰা-ছোৱালীয়ে উদ্ধাৰৰ চেষ্টা কৰিব ধৰিলে। শিশুটিক উদ্ধাৰ কৰিবলৈ যাওঁতে আন তিনিটা শিশুৰো মৃত্যু হয়। ইয়াৰে এজন শিশুক নৱতোলিয়াৰ মিথিলেশ মণ্ডলৰ ১০ বছৰীয়া পুত্ৰ বুলি চিনাক্ত কৰা হৈছে। বাকী তিনিটা শিশু ছথু সিং টোলাৰ বুলি জানিব পৰা গৈছে।
স্বাস্থ্য বিভাগে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে নৱগাছি আৰু গোপালপুৰৰ পৰা এম্বুলেন্স প্ৰেৰণ কৰা হয়। অৱশ্যে শিশুসকলে ইতিমধ্যে গংগাত শেষ উশাহ লৈছিল। স্থানীয় চিকিৎসালয়লৈ অনাৰ সময়ত চিকিৎসকে মৃত ঘোষণা কৰে।
আটাইকেইটা শিশুৰ বয়স ১৫ বছৰৰ তলৰ বুলি কোৱা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাত মৃতকৰ পৰিয়ালৰ সদস্যসকল শোকত ভাঙি পৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া