
গোলাঘাট, ২৭ অক্টোবৰ (হি.স.)। পোনা উৎপাদনৰ পৰা বিক্ৰীলৈ বিজ্ঞানসন্মত পদ্ধতিৰে মীন পালন কৰিছে সৰুপথাৰৰ এজন ব্যক্তিয়ে।
সমজিলাৰ অৰ্থনীতিক এক অনন্য মাত্ৰা প্ৰদান কৰিব পৰা এক ব্যৱসায় হ’ল মীন পালন। সম্পূৰ্ণ বিজ্ঞান সন্মত পদ্ধতি প্ৰয়োগ কৰি এক পূৰ্ণ পৰ্যায়ৰ মীন পালন কৰি থকা এগৰাকী উদ্যোগী ব্যক্তি হৈছে উৰিয়ামঘাটৰ মধ্যমপুৰ পঞ্চায়তৰ অন্তৰ্গত মুগাপাৰা গাঁৱৰ নিবাসী নগেন খাখলাৰী। ২০০৭ চনৰ পৰা মীন পালন কৰি স্বাৱলম্বী হোৱাৰ লগতে বহুসংখ্যক উদ্যোগী যুৱকক মীন পালনৰ সৈতে সংযুক্ত হৈ নিজা ব্যৱসায়ৰ জৰিয়তে পৰিয়ালক ভৰণ পোষণ দিবলৈ সমৰ্থবান কৰি তোলাত খাখলাৰীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। গোলাঘাট জিলাখনৰো বহুলোকক মীন পালনৰ জ্ঞানদাতা স্বৰূপে তেখেতৰ এখন সুকীয়া আসন আছে। ভঁৰাল পুখুৰীৰ পৰা পৈণত মাছ বিক্ৰীৰ জৰিয়তে অৰ্থ উপাৰ্জনৰ লগতে পোনা উৎপাদন কৰি সৰুপথাৰৰ বিভিন্ন স্হানলৈ পঠোৱাৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰলৈ পঠিয়ায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু