বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ
বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ বিৰুদ্ধে এজাহাৰ ৰঙিয়া থানাত।
বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ


কামৰূপ, ২৭ অক্টোবৰ (হি.স.): বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ বিৰুদ্ধে যোৱা কালি দেওবাৰে সন্ধিয়া ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰা হয়। সামাজিক মাধ্যম যোগে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সকলক সাঙুৰি লগতে অশ্লীল শব্দ প্ৰয়োগ কৰাক লৈ ৰঙিয়া থানাত গোচৰ তৰিলে আন্তঃ ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে।

থানাই থানাই বিকাশ অসম আৰু নিলোৎপল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰঙ দলে। তিনিদিনৰ ভিতৰত বিকাশ অসম আৰু নিলোৎপল চলিহাৰ বিৰুদ্ধে ব্যাৱস্থা গ্ৰহণ নকৰিলে নিজাববীয়াকৈ ৰাষ্ট্ৰীয় বজৰঙ দলে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে । আৰু ইয়কে লৈ সৃষ্টি হ’ব লগা পৰিস্থিতিৰ বাবে প্ৰশাসন জগৰীয়া হ’ব বুলি মন্তব্য কৰে ৰাষ্ট্ৰীয় বজৰঙ দলৰ সভাপতি দিনেশ কলিতাই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande