আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটত যোগদানৰ বাবে তিনিদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছে নেপালৰ শক্তি মন্ত্ৰী
কাঠমাণ্ডু, ২৭ অক্টোবৰ (হি.স.)। নতুন দিল্লীৰ ভাৰত মণ্ডপামত ২৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া অষ্টম আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰ সন্মিলনত অংশগ্ৰহণৰ বাবে আজি তিনিদিনীয়া ভাৰত ভ্ৰমণৰ বাবে ৰাওনা হয় শক্তি মন্ত্ৰী কুলমান ঘিছিঙে। শক্তি মন্ত্ৰ
नेपाल के ऊर्जा मंत्री कुलमान घीसिंग


কাঠমাণ্ডু, ২৭ অক্টোবৰ (হি.স.)। নতুন দিল্লীৰ ভাৰত মণ্ডপামত ২৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া অষ্টম আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰ সন্মিলনত অংশগ্ৰহণৰ বাবে আজি তিনিদিনীয়া ভাৰত ভ্ৰমণৰ বাবে ৰাওনা হয় শক্তি মন্ত্ৰী কুলমান ঘিছিঙে।

শক্তি মন্ত্ৰালয়ৰ তথ্য অনুসৰি মঙলবাৰে নতুন দিল্লীত উপস্থিত হ’ব শক্তি, জলসম্পদ আৰু জলসিঞ্চন, ভৌতিক আন্তঃগাঁথনি, আৰু পৰিবহণ আৰু নগৰ উন্নয়ন মন্ত্ৰী কুলমান ঘিছিং। তেওঁ আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ অষ্টম সাধাৰণ সভাত অংশগ্ৰহণ কৰাৰ লগতে ভাৰতৰ কেইবাগৰাকীও মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ’ব।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৪০ খনতকৈও অধিক দেশৰ শক্তি মন্ত্ৰীসকলে। নেপাল আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ সদস্য। নতুন দিল্লীত ভাৰতৰ শক্তি মন্ত্ৰী মনোহৰ লাল খট্টৰ, জল শক্তি মন্ত্ৰী চি আৰ পাটিল, আৰু পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত ঘিছিঙে মিলিত হোৱাৰ কথা ।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande