গুৱাহাটীত বীৰ লাচিত সেনাৰ ৮ জন সদস্যক অপহৰণৰ চেষ্টাৰ অপৰাধত গ্ৰেপ্তাৰ
গুৱাহাটী, ২৭ অক্টোবৰ (হি.স.)। সোমবাৰে গুৱাহাটী মহানগৰীত বীৰ লাচিত সেনাৰ ৮ জন সদস্যক অপহৰণৰ চেষ্টা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। খবৰ অনুসৰি সংগঠনটোৰ ১০-১২ জনীয়া এটা দলে পুৱা প্ৰায় ৯:৩০ বজাত প্ৰতীক্ষা চিকিৎসালয়ৰ সন্মুখত এজন যুৱকক অপহৰণ
গুৱাহাটীত বীৰ লাচিত সেনাৰ ৮ জন সদস্যক অপহৰণৰ চেষ্টাৰ অপৰাধত গ্ৰেপ্তাৰ


গুৱাহাটী, ২৭ অক্টোবৰ (হি.স.)। সোমবাৰে গুৱাহাটী মহানগৰীত বীৰ লাচিত সেনাৰ ৮ জন সদস্যক অপহৰণৰ চেষ্টা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। খবৰ অনুসৰি সংগঠনটোৰ ১০-১২ জনীয়া এটা দলে পুৱা প্ৰায় ৯:৩০ বজাত প্ৰতীক্ষা চিকিৎসালয়ৰ সন্মুখত এজন যুৱকক অপহৰণ কৰাৰ চেষ্টা চলাই ১৫ৰ পৰা ২০ লাখ টকাৰ মুক্তিপণ দাবী কৰা বুলি অভিযোগ উঠিছে।

ঘটনাৰ লগে লগে দিছপুৰ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে কাম কৰি সংগঠনটোৰ আঠজন সদস্য ক্ৰমে বিশ্বজিৎ দালাই, ইমজাজুল হক, ৰোহন আলী, মোহন বৰা, নীতু আহমেদ, চিন্ময় দেৱ, ৰিয়াজ আহমেদ, আৰু বিৰাজ বালা কলিতাক গ্ৰেপ্তাৰ কৰে। অপহৃত যুৱক ৰাহুল মিশ্ৰৰ বন্ধু ইৰছাদ খানৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংগঠনটোৰ কাৰ্যকলাপৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, বীৰ লাচিত সেনাৰ কামত আমি অসন্তুষ্ট। এই সংগঠনে সামাজিক পৰিৱেশ বিনষ্ট কৰিছে। আলফা (স্বা)ৰ দৰে আমিও বীৰ লাচিত সেনাক নিষিদ্ধ কৰিবলগীয়া হ'ব পাৰে।

মুখ্যমন্ত্রীয়ে কয়, লাচিত সেনাৰ সদস্যসকলে ৰাজ্যৰ ব্যৱসায়ীসকলক হাৰাশাস্তি কৰি আছে। বিগত দুমাহত তেওঁলোকে অসমৰ ব্যৱসায়িক পৰিৱেশ সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছে। কালি এগৰাকী মাতৃৰ বিৰুদ্ধে তেওঁলোকে কৰা অপমানজনক মন্তব্যৰ বাবে লাচিত সেনাৰ এজন সদস্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈও মই আৰক্ষীক নিৰ্দেশ দিছো।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande