সাংস্কৃতিক চহৰ গৌৰীপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ শিল্পী গৰাকীৰ প্ৰতিচ্ছবি অংকন
সাংস্কৃতিক চহৰ গৌৰীপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰা বাবে শিল্পী গৰাকীৰ প্ৰতিচ্ছবি অংকন।
সাংস্কৃতিক চহৰ গৌৰীপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ শিল্পী গৰাকীৰ প্ৰতিচ্ছবি অংকন


ধুবুৰী, ২৭ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাজুহুৱা পুথিভঁৰালৰ দেৱালত হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতি চিৰ যুগমীয়া কৰাৰ উদ্দেশ্যেৰে গৌৰীপুৰ চিত্ৰ শিল্পী সমাজে প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতিচ্ছবি অংকন কৰে। যোৱা কালি দেওবাৰে সন্ধিয়াৰ ভাগত শিল্পী গৰাকীৰ অংকন কৰা প্ৰতিচ্ছবি ছবি উন্মোচন কৰে চিত্ৰ ছবি অংকন শিল্পী সমাজে।

প্ৰতিচ্ছবি উন্মোচন অনুষ্ঠানটিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু গোৱালপৰীয়া লোক সংগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিচ্ছবিত মাল্য আৰু বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অনুৰাগী সকলেয়ে।

উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ১৯ ছেপ্টেম্বৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি। লগতে জুবিনৰ স্মৃতি যুগমীয়া কৰিবলৈ গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ ব্যতিক্ৰমী পদক্ষেপ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande